মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক জাতিৰ শত্ৰু আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ


গুৱাহাটী,২৩ এপ্ৰিলঃ '৫ লাখ হাজং চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলত এক সংবাদমেলৰ দ্বাৰা এই ভয়ানক ষড়যন্ত্ৰৰ কথা ঘোষণা কৰাৰ পিছত অনাগত দিনত অসমৰ বাবে এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰা হৈছে।' - আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰপেটা লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই বক্তব্য প্ৰদান কৰে। অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ ৰাইজক অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ ওফৰাবলৈ ২৬ এপ্ৰিল আৰু ৭ মে’ত বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নেতাজনে আহ্বান জনায়। বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিক ভোট দিয়া মানে অসমে আকৌ বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা কথাটোকেই সূচাব। অসমৰ মানুহৰ মূৰত লাখ লাখ বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰা এই চৰকাৰক ওফৰাবৰ বাবে ৰাইজে এতিয়া সিদ্ধান্ত ল’ব লাগে। বৰাই কয়, অসম চুক্তিক এসময়ত গীতা, কোৰাণ, বাইবেল বুলি স্বীকাৰ কৰা বিজেপিয়ে এতিয়া চুক্তিৰ মূল আত্মাক নস্যাৎ কৰি অবৈধভাৱে 'কা’ জাপি দিছে। ইয়াতে ক্ষান্ত নাথাকি এই চৰকাৰে অৰুণাচলত থকা ৫ লাখ হাজং চাকমাক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে। বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহে নিৰ্দেশ দিলে হাউছিং কলনিত বাসগৃহ নিৰ্মাণ কৰি হ’লেও অৰুণাচলে খেদি দিয়া শৰণাৰ্থীক অসমত সংস্থাপন কৰিব। নিজৰ বিৰুদ্ধে থকা গোচৰৰ ফাইল পুনৰ নুখুলিবৰ বাবেই জাতিৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ নিৰ্দেশ অমান্য কৰাৰ সাহস নকৰে। ৰাইজে মনত ৰখা ভাল যে বিজেপি চৰকাৰ কেন্দ্ৰত পুনৰ আহিলেই অসম বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কৈ বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মা জাতিৰ বাবে মুঠেই দায়ৱদ্ধ নহয়। হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত লাভৰ বাবেহে সদায় ৰাজনীতি কৰি আহিছে। এইজন নেতাই জাতীয় স্বাৰ্থক কুঠাৰাঘাত কৰি নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও বৰাই উল্লেখ কৰে আৰু ৰাইজক ভোটৰ জৰিয়তে জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment