লখিমপুৰত উপস্থিত হ'ল অত্যাধুনিক বিশেষ ৰেল চিকিৎসালয়



লখিমপুৰ,২৩ এপ্ৰিলঃ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰেল ষ্টেচনসমূহৰ বিশাল এলেকাত বিনামূলীয়া চিকিৎসা সেৱাৰে বহু ৰোগীক আৰোগ্য কৰি তোলা এখন বিশেষ অত্যাধুনিক ৰেল গাড়ী চিকিৎসালয় 'লাইফলাইন এক্সপ্ৰেছ' আজি লখিমপুৰত আহি উপস্থিত হয়। ইমপেক্ট ইণ্ডিয়া ফাউণ্ডেচনৰ এই ৰেল চিকিৎসালয়খনে লখিমপুৰ জিলাৰ জনসাধাৰণক জটিল চিকিৎসাৰ ক্ষেত্রত সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ২৩৭ সংখ্যক লাইফলাইন এক্সপ্ৰেছ প্ৰকল্প আৰম্ভ কৰাৰ কথা  ঘোষণা কৰিছে। ২৫ এপ্ৰিলৰ পৰা ১৬ মে’লৈ  এই ৰে’ল চিকিৎসালয়ত প্ৰদান কৰা হ'ব চিকিৎসা সেৱা। এই উদ্ভাৱনীমূলক ৰে’ল গাড়ীখনত বহু বিশেষজ্ঞ চিকিৎসকে তৃতীয় পৰ্যায়ৰ চিকিৎসালয় হিচাপে কাম কৰে। এই ৰেলখন অত্যাধুনিক কাৰ্যক্ষম অপাৰেচন থিয়েটাৰকে ধৰি অত্যাধুনিক সুবিধাৰে সু-সজ্জিত হৈ আছে। ইয়াত বিশেষ চিকিৎসা, নাৰ্চিং, আৰু কাৰিকৰী বিশেষজ্ঞৰ এটা দলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দল আছে। ইয়াৰ এটা দলে ষ্টেচনৰ পৰা ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ গাঁওসমূহত উপস্থিত হৈ ৰোগীৰ বেমাৰৰ অনুসন্ধান  চলাব। বিভিন্ন স্বাস্থ্যজনিত সমস্যা যেনে প্লাষ্টিক চাৰ্জাৰী, অন্ধতা, বধিৰতা, মস্তিষ্কৰ পক্ষাঘাত বা জন্মগত অংগৰ বিকৃতিৰ ফলত হোৱা জন্মগত অস্থিৰ বিকৃতি, জ্বলা সংকোচন, ওঁঠ ফাটি যোৱা, দাঁতৰ অস্বাভাৱিকতা আদি চিনাক্ত কৰি এই বিশেষ ৰেল চিকিৎসালয়খন আনি চিকিৎসা কৰিব। মহিলাসকলে স্তন আৰু ছাৰ্ভাইকেল কেন্সাৰৰ পৰীক্ষা আৰু চিকিৎসা সেৱা লাভ কৰিব। ইয়াৰ উপৰিও মুখৰ আগতীয়া কৰ্কট ৰোগীক চিনাক্ত কৰি বায়’প্সি কৰা হ’ব বুলি আজি সংবাদ মাধ্যমক  জানিবলৈ দিয়ে ইমপেক্ট ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰফেছৰ ডাঃ ৰোহিনী ভি চাউগুল আৰু লাইফলাইনৰ  পৰিকল্পনা পৰিচালক মেট্ৰন ৰীতা টাওৰয়ে। ফাউণ্ডেশ্যনে ৰাইজৰ সুবিধাৰ বাবে এটা হেল্পলাইন নম্বৰ (৯৮২০৩০৩৯৭৪) মুকলি কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment