লখিমপুৰত ৰোগীৰ অজ্ঞাতে আৰোগ্য নিধিৰ লাখ লাখ টকা আত্মসাৎ দুষ্ট চক্ৰৰ
লখিমপুৰ,২৯ এপ্রিলঃ লখিমপুৰত ৰোগীৰ অজ্ঞাতেই অসম আৰোগ্য নিধিৰ ধন এক দুষ্ট চক্ৰই উলিয়াই নিয়া ঘটনাক লৈ লখিমপুৰত সচেতন ৰাইজৰ লগতে জিলা স্বাস্থ্য বিভাগক চিন্তিত কৰি তুলিছে। বিশেষকৈ এই ক্ষেত্ৰত উত্তৰ অসমত এই ধন মুকলিৰ ক্ষেত্ৰত দালালৰ ব্যাপক পয়োভৰৰ বিষয়টোয়ে আঁচনিৰ নামত ব্যাপক প্ৰহসন সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে অসম আৰোগ্য নিধিৰ ৰি-এম্বাৰ্চমেণ্ট ধনৰ ক্ষেত্ৰত এই কেলেংকাৰী সংঘটিত হৈছে। ৰোগী বা ৰোগীৰ পৰিয়ালে গম নোপোৱাকৈয়ে ব্যয় পূৰ্তিৰ বাবে আবেদন কৰা ধন ৰোগীৰ অজ্ঞাতে নথি হস্তগত কৰি দুষ্ট চক্ৰই উলিয়াই নিছে ধন। উল্লেখ্য যে অসম আৰোগ্য নিধিৰ অধীনত যিকোনো জটিল ৰোগৰ চিকিৎসা ব্যয় পাঁচ লাখ টকা পর্যন্ত প্ৰদান কৰা হয়। কিন্তু আশ্চর্যজনকভাৱে লখিমপুৰৰ কেইবাগৰাকী ৰোগীৰ ৰি-এম্বৰ্চমেণ্টৰ ধন এক দুষ্ট চক্রই উলিয়াই নিবলৈ সক্ষম হৈছে। ৰি-এম্বাৰ্চমেণ্টৰ বাবে ৰোগীক চিকিৎসা প্রদান কৰা চিকিৎসালয়ৰ সকলো ভাউচাৰ, বিল আদি চিকিৎসালয়খনৰ সংশ্লিষ্ট বিষয়াই স্বাক্ষৰ কৰা পিচত অনুমোদনৰ বাবে অসম আৰোগ্য নিধিৰ কার্যালয়ত জমা দিব লাগে। কিন্তু লখিমপুৰৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ কেইবাগৰাকী ৰোগীৰ চিকিৎসাৰ নথি-পত্ৰ দুষ্ট চক্রই কৌশলেৰে হস্তগত কৰে আৰু ৰোগীৰ নামত একাউন্ট খুলি ধন আত্মসাৎ কৰে। আনহাতে কোনো কোনো ৰোগীৰ লগত এই ধন উলিয়াই নিয়াৰ বাবে চুক্তি কৰি ৬০/৭০ শতাংশ পর্যন্ত ধন দুষ্ট চক্রটোৱে আত্মসাৎ কৰি আহিছে। অর্থাৎ এক লাখ টকাৰ ৰি-এম্বাৰ্চমেণ্টৰ ধনত দুষ্ট চক্ৰটোৱে ৰোগীক কেৱল ত্রিশ হেজাৰ টকাহে আদায় দিছে। আর্থিকভাবে পিচপৰা ৰোগী আৰু তেওঁলোকৰ অভিভাৱকসকলে নিজৰ অজ্ঞতাৰ এই দুষ্ট চক্ৰটোৰ কাষ চপাৰ সুবিধা লৈ সমগ্র অসমৰ লগতে উত্তৰ অসমতো এই চক্ৰটোৱে লুণ্ঠন চলাই আহিছে। জানিব পৰা মতে ঢকুৱাখনা আৰু ঘিলামৰাৰ চাৰিগৰাকী ৰোগীৰ অভিযোগৰ ভিত্তিত লখিমপুৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে বিষয়টোৰ সন্দৰ্ভত চৰজমিন অনুসন্ধান কৰি বিষয়টো জ্ঞাত হোৱাত স্বাস্থ্য বিভাগে বিষয়টো জিলাৰ আৰক্ষী অধীক্ষকক গোচৰ দিয়ে। এই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে বিষয়টোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে যদিও অপৰাধীক আটক কৰাৰ স্বাৰ্থত এই সম্পর্কীয় তথ্য সংবাদ মাধ্যমক অৱগত কৰাৰ পৰা বিৰত আছে। আৰক্ষীৰ তদন্তত এই দুষ্কার্যত জড়িত অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

0 Comments:
Post a Comment