কুসুম কুমাৰ মহন্তৰ উপস্থিতিত সত্ৰ মহাসভাক ভূমি দান



গোলাঘাট,২৯ এপ্ৰিলঃ অলপতে গোলাঘাট জিলাৰ শিয়ালমাৰিত অৱস্থিত জকাই সএৰ নামঘৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। অসম সত্ৰ মহাসভাৰ গোলাঘাট  জিলা সমিতিৰ সভাপতি ডঃ বসন্ত গোস্বামী দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত এক বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্রধান কুসুম কুমাৰ মহন্ত। সম্পাদক প্ৰধান মহন্তই উপস্থিত ৰাইজক উদ্দেশ্যি এক ত্বতগধুৰ  বক্তব্য আগবঢ়ায়। মহন্তৰ লগতে কেন্দ্রীয় সমিতিৰ চাৰিজন বিষয়ববীয়া আৰু গোলাঘাট মহাসভাৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু ভূমি দাতা পৰিয়ালৰ প্রতিনিধি সদস্যসহ সএৰ ভকত বৈষ্ণব সকল উপস্থিত থাকে। জঁকাই সত্ৰৰ প্রতিস্থাপক সত্রাধিকাৰ প্রয়াত হৰেন্দ নাথ মহন্তৰ সুযোগ্য পুএ তথা পৰিয়ালবৰ্গয় নামঘৰ সহ এক বিঘা মাটি উক্ত সভাত অসম সত্র মহাসভাক দান হিচাপে আগবঢ়াৱাৰ সিদ্ধান্ত আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। ৰাজহুৱা স্বাৰ্থৰ বাবে পৰিয়ালবৰ্গৰ উল্লেখযোগ্য অবদানক  মহাসভাৰ হৈ সম্পাদক প্রধান কুসুম কুমাৰ মহন্তই সশ্রদ্ধাৰে গ্রহণ কৰে। দাতা পৰিয়ালৰ মহান কৰ্মসূচিক সন্মান কৰি এই সভাতে সিদ্ধান্ত লোৱা হয় যে দান কৰা ভূমি আৰু নামঘৰ লৈ সম্পূর্ণ এলেকা "হৰেন্দ নাথ মহন্ত ক্ষেত্র" ৰূপে নামাকৰণ কৰা হ'ব বুলি সভাত ঘোষণা কৰা হয়। অদূৰ ভৱিষ্যতে দাতা সকলৰ পৰা দুজনকৈ সদস্যক উক্ত ক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য কৰা হ'ব বুলি সম্পাদক প্ৰধান মহন্তই উল্লেখ কৰাৰ লগতে দাতা সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment