লখিমপুৰত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ


লখিমপুৰ,৮ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ লখিমপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ উদ্দেশ্যে দিল্লীৰ পৰা বিমানেৰে লীলাবাৰীত পদাৰ্পণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দলীয় এক সূত্ৰই সদৰী কৰা অনুসৰি লীলাবাৰী বিমানবন্দৰত বিয়লি প্ৰায় ১:৩০ বজাত বিমানৰে অৱতৰণ কৰাৰ পিছতেই হেলিকপ্তাৰেৰে আহিব চুকুলীভৰীয়াৰ সভাস্থলীলৈ। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া আৰু ডুমডুমাক বাদ দি বাকী লখিমপুৰ আৰু ধেমাজি জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ প্ৰায় এক লাখ লোকৰ সমাৱেশ ঘটিব নিৰ্বাচনী সভাখনত ৷ কাইলৈৰ অনুষ্ঠিতব্য নিৰ্বাচনী প্ৰচাৰ সভাখনত  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰিব ৷ লখিমপুৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰীয়ে ৰাওনা হ’ব তিনিচুকীয়ালৈ। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে লখিমপুৰৰ আৰক্ষীয়ে ৷ গৃহমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে কাইলৈ যাতায়াতৰ সূচলতাৰ বাবে  যান-বাহনৰ যাতায়াতৰ ব্যৱস্থা আৰক্ষী প্ৰশাসনে  নিৰ্দ্ধাৰণ কৰিছে । আৰক্ষীয়ে জনোৱা অনুসৰি কাইলৈ  চৰাইমৰীয়াৰ পৰা দুর্গা মন্দিৰলৈকে সাধাৰণ যাত্ৰীৰ বাবে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে বাইপাছ বন্ধ থাকিব। ইফালে ডিব্রুগড় ধেমাজি ফালৰ পৰা অহা গাড়ী চৰাইমৰিয়াইদি সোমাই মৈদমীয়া ক্লকটাৱাৰ, মালপানী, খেলমাটি হৈ দুর্গামন্দিৰত প্ৰৱেশ কৰিব ৷ বিশ্বনাথৰ ফালৰ পৰা অহা গাড়ী দুর্গা মন্দিৰ লখিমপুৰ টাউনলৈ সোমাই শিৱমন্দিৰ, লখিমপুৰ কলেজহৈ সদৰ থানাৰ সন্মুখৰে আৱৰ্ত ভৱন, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু ক্লকটাৱাৰ মৈদমীয়াহৈ চৰাইমৰীয়াত  প্ৰৱেশ কৰিব পাৰিব ৷ সোমবাৰৰ নিশা ১০ বজাৰ পৰা কাইলৈ সন্ধিয়া ৭ বজালৈকে গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ থাকিব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment