ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে : আপ
গুৱাহাটী,২ মে' : 'ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ দেশজুৰি পুনৰ এক ত্ৰাসৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভেক্সিন লোৱাৰ ফলত বহুলোকৰ বিসংগতিৰ খবৰ পোৱা গৈছে। এই সকল লোকে ভয়-শংকাৰ কবলত পৰি অন্য ধৰণে মৃত্যু মুখত পৰিব পাৰে। যি সময়ত সাধাৰণ মানুহৰ মাজত এনে ভয়-শংকাই ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰহস্যজনক মৌনতাই আমাক চিন্তিত কৰি তুলিছে।' - এই মন্তব্য আম আদমী পাৰ্টী চমুকৈ আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ। আজি মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আপৰ মুখপাত্ৰগৰাকীয়ে কয় - 'কৰোনা অতিমাৰীৰ ভয়াবহ সময়ছোৱাত ভেকচিন প্ৰদানক লৈ দেশজুৰি তোলপাৰৰ সৃষ্টি হৈছিল। সম্প্ৰতি আকৌ যেন তেনে ভয়ংকৰ দুৰ্দিন উভতি আহিছে। যি সময়ত সমগ্ৰ বিশ্বতে ক'ৰোনা মহামাৰী বিয়পি পৰিছিল, তেনে সময়ত প্ৰথমাৱস্থাত ভাৰতৰ প্ৰায় ৮৮ শতাংশ লোকক ভেকচিন প্ৰদান কৰা হৈছিল। ভেকচিন ল'বলৈ শাৰীৰিক ভাৱে সক্ষম প্ৰায় ৯৫ শতাংশ লোকক পৰৱৰ্তী সময়ত চৰকাৰে ভেকচিন প্ৰদান কৰিছিল। ভাৰতৰ মুঠ জনসংখ্যাৰ ৭৪ শতাংশই এপালি আৰু ৬৯ শতাংশই দুপালিকৈ ভেকচিন লৈছিল। ভাৰতৰ মুঠ প্ৰতিষেধক লওঁতাৰ প্ৰায় ৯০ শতাংশই এষ্ট্ৰাজেনেকাৰ ক'ভিশ্বিল্ড ভেকচিন লৈছিল।' তেওঁ কয় - 'ক'ৰোনা কালত চৰকাৰৰ পক্ষৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল যে দেশৰ প্ৰতিজন নাগৰিকে ভেকচিন ল'ব লাগিব। ভেকচিন নল'লে বিমান, ৰে'ল বা আন কোনো ধৰণৰ ভ্ৰমণৰ ক্ষেত্ৰত অনুমতি দিয়া নাছিল। বিদেশ ভ্ৰমণ বা আন্তঃৰাজ্যিক, আন্তঃজিলা ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, বিমানবন্দৰত ভেকচিনৰ প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিবলগীয়া হৈছিল, বহুতকে বলপূৰ্বক ভাৱে ভেকচিন লবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু আজি ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত যিবোৰ কথা ওলাইছে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগে কোনো স্পষ্টীকৰণ দিয়া নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱতায়ো আমাক চিন্তিত কৰি তুলিছে।' সংবাদমেলত আপ অসমৰ আন এগৰাকী মুখপাত্ৰ আলাউদ্দিন আহমেদে কয় - 'ক'ভিড কালত চৰকাৰে যি ধৰণৰ তৎপৰতাৰে প্ৰতিষেধক চিটা প্ৰদান কৰিছিল সেই একেধৰণৰ তৎপৰতাৰে জনসাধাৰণৰ ভয়-শংকা দূৰ কৰাৰ স্বাৰ্থত স্পষ্টীকৰণ দিয়াৰ দায়িত্বও পালন কৰিব লাগে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰহস্যজনক নিৰৱতা গ্ৰহণযোগ্য নহয়।'

0 Comments:
Post a Comment