নতুন চিনেমাৰ এক্সনৰ দৃশ্যত অংশ গ্ৰহণ কৰিলে ৰবি শৰ্মাই, 'ৰুদ্ৰ'ৰ শুভ মহুৰত
গুৱাহাটী,১০ মে' : মহুৰত অনুষ্ঠানত এক্সনৰ দৃশ্যত অংশ ল'লে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। আজি মহানগৰীৰ জ্যোতি চিত্ৰবনত মহুৰত সম্পন্ন হ'ল এক্সন, থ্ৰিলাৰধৰ্মী অসমীয়া চিনেমা 'ৰুদ্ৰ'ৰ। চলিত বছৰটোতে ছবিগৃহলৈ আহিব শ্যাম প্ৰডাকচনজৰ বেনাৰত ৰাজেশ কুমাৰ মৌৰৰ প্ৰযোজনাৰ এই অসমীয়া চিনেমাখন। শুকুৰবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত আয়োজিত শুভমুহুৰত অনুষ্ঠানত শিৱানন বৰুৱাই কেমেৰাৰ প্ৰথমটো শ্বট লয়। ক্লেপষ্টিক দিয়ে ভাগৱতী প্ৰসাদ মৌৰে। কেমেৰাৰ চুইচ অন কৰে মনোজ কুমাৰ কেৰিয়াই। নাৰিকল ভাঙে ওম প্ৰসাদ গাৰোদিয়াই, চিনেমাখনৰ পৰিচালক ৰূপক গগৈৰ মাতৃ ৰেণু গগৈয়ে কেমেৰাত মাল্যৰ্পন কৰে। পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ। ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰ। ৰবি শৰ্মাৰ বিপৰীতে এই ছবিখনত নন্দিনী কাশ্যপে অভিনয় কৰিব। অন্যান্য চৰিত্ৰত অভিনয় কৰিব জয় কাশ্যপ, অৰ্চিতা আগৰৱালা আৰু অনামিকা বৰ্মনে। ছবিখনৰ একচন পৰিচালক হিচাপে আছে মুম্বাইত প্ৰতিষ্ঠিত একচন পৰিচালক তথা বলীউডৰ কেইবাগৰাকী জনপ্ৰিয় ষ্টাৰক সমৰ কলাৰ প্ৰশিক্ষণ দিয়া অসম সন্তান পৰিচালক দীপক দাসে। আজিৰ অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তত অ'ডিছনযোগে চিনেমাখনৰ বাবে নিৰ্বাচন কৰা শিল্পীসকলৰ নাম ঘোষণা কৰা হয়।


0 Comments:
Post a Comment