মহানগৰীত ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আপৰ ব্যাপক প্ৰতিবাদ


গুৱাহাটী,৯ মে' : 'বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি পিঠি দি প্ৰায় প্ৰতিদিনে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। বিশেষকৈ চৰকাৰে জীৱন দায়িনী ঔষধৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰাৰ ফলত সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ নাগৰিকে বিভিন্ন বেমাৰত আক্ৰান্ত হ'লেও চিকিৎসা গ্ৰহণ কৰিব পৰা নাই। ঔষধৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক মাধমাৰ সোধাইছে। শাসকীয় বিজেপি দলে ২০২৩ চনৰ মাৰ্চ লৈকে ভাৰতীয় ষ্টেট বেংকৰ ইলেক্টৰেল বণ্ডৰ যোগেদি বিভিন্ন কোম্পানীৰ পৰা ৬,৫৬৬ কোটি টকা দলৰ বাবে চান্দা লোৱাৰ পাছৰ পৰাই চৰকাৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে।' - আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপত আম আদমী পাৰ্টি অসমৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।  প্ৰতিবাদী কাৰ্যসূচীত আম আদমী পাৰ্টিৰ নেতা-কৰ্মী সকলৰ সৈতে জি এম চি হাস্পতালৰ একাংশ ৰোগীৰ আত্মীয়য়ো অংশ গ্ৰহণ কৰে। জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ মতে বিজেপিয়ে ইলেক্টৰেল বণ্ডৰ জড়িয়তে দলৰ পুঁজি সংগ্ৰহৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে ৰাজ্যবাসীয়ে। তেওঁ কয় - 'চৰকাৰে সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ স্বাৰ্থত মূল্য বৃদ্ধি ৰোধ কৰা উচিত। যি সময়ত দিল্লী আৰু পঞ্জাবৰ আপৰ চৰকাৰে মহল্লা ক্লিনিকৰ জড়িয়তে সংশ্লিষ্ট ৰাজ্যৰ ৰোগী সকলৰ বাবে উন্নত তথা বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে, সেই সময়ত অসম তথা অন্যান্য বিজেপি শাসিত ৰাজ্যত সৰ্ব সাধাৰণ জনতাই স্বাস্থ্য সেৱা লাভৰ পৰা বঞ্চিত হৈছে। দিল্লীৰ দৰে অসমতো মহল্লা ক্লিনিকৰ জড়িয়তে উন্নত স্বাস্থ্য সেৱা তথা বিনামূলীয়া জীৱন দায়িনী ঔষধৰ ব্যৱস্থা কৰা উচিত।' ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ সময়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হি গ্ৰহণ কৰিবলৈ আহ্বান জনায় আপৰ নেত্ৰী গৰাকীয়ে । প্ৰতিবাদী কাৰ্যসূচীত আপ মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়ো, কামৰূপ জিলা সমিতিৰ সভাপতি বল্লভ পাত্ৰ, আপৰ মহানগৰ সমিতিৰ সভাপতি প্ৰবীণ শৰ্মাৰ লগতে বহুকেইগৰাকী দলীয় নেতা উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment