মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি


নিউজ ডেক্স,১২ মে' : মেঘালয় চৰকাৰে স্থানীয় আই পি এছ বিষয়া খাচী জনজাতি সম্প্ৰদায়ৰ ইদাচিছা নংৰাঙক ৰাজ্যখনৰ প্ৰথম মহিলা আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দি অভিলেখ সৃষ্টি কৰিলে। বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান এল আৰু বিষ্ণুইয়ে ১৯ মে' চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ১৯৯২ চনৰ আই পি এছ বিষয়া নংৰাঙে এই নতুন পদত যোগ দিব। এই খিনিতে উল্লেখ কৰিব পাৰি যে ইউ পি এছ চিয়ে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদত নিযুক্তিৰ বাবে মেঘালয়ৰ চিভিল ডিফেনসৰ সঞ্চালক নংৰাঙকে ধৰি সীমান্তৰক্ষী বাহিনীৰ এডিজি ৰাম প্ৰসাদ মীনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এডিজি দীপক কুমাৰৰ নাম মেঘালয় চৰকাৰলৈ চুপাৰিশ কৰিছিল। ৰাজ্য চৰকাৰে ইয়াৰ ভিতৰত নংৰাঙৰ নাম চূড়ান্ত কৰিছে। মেঘালয়ৰ তিনিটা ৰাজনৈতিক দলেও সঞ্চালক প্ৰধান হিচাপে স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিবলৈ দাবী জনাই আহিছিল। এজন স্থানীয় প্ৰাৰ্থীৰ ৰাজ্যখন সম্পৰ্কে অন্যৰ তুলনাত অধিক জ্ঞান থকাটো স্বাভাৱিক বুলি দল কেইটাই মত দাঙি ধৰিছিল। নংৰাঙে ২০২৬ চনত চাকৰিৰ পৰা অৱসৰ ল'ব।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment