ৰাজ্যত সুৰাৰ প্ৰচলন নিষিদ্ধৰ দাবী অল ইণ্ডিয়া মহিলা সংগঠনৰ, প্ৰতিবাদী কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ


লখিমপুৰ,২৮ মে' : মদৰ বিপনি বৃদ্ধি কৰি ৰাজহ সংগ্ৰহৰ প্ৰক্ৰিয়া বন্ধ কৰা আৰু ৰাজ্যত মদৰ প্ৰচলন সম্পূর্ণ নিষিদ্ধ কৰাৰ দাবীত আজি অল ইণ্ডিয়া মহিলা সংস্কৃতিক সংগঠনে এক প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ ৰাজ্য চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানত গুৰুত্ব দিয়াৰ সময়তে আজি অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনে বৰষুণত তিতি জিলা আয়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। মহিলা সংগঠনটোৰ অভিযোগ যে সমাজত মদ আৰু মাদক দ্ৰব্যৰ প্ৰচলনে ব্যাপক নেতিবাচক প্ৰভাৱ পেলায়। বিশেষকৈ যুৱ সমাজক মানসিকভাৱে পংগু কৰে, সমাজত বিশৃংখলতাৰ সৃষ্টি হয় আৰু নিচাসক্ত যুৱক সকলৰ দ্বাৰা মাতৃ সমাজ, মহিলা সকলৰ ওপৰত নিৰ্যাতন, অত্যাচাৰ- অবমাননা তথা হাৰাশাস্তি বৃদ্ধি পায়। ইয়াৰ বাবেই সকলো আদর্শ আৰু ধৰ্মৰ প্ৰবক্তা সকলেই মদ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধাচৰণ কৰিছে যদিও ৰাজ্য চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে সুৰাৰ বিক্ৰী বৃদ্ধি কৰি সমাজ ধ্বংসকাৰী পথ গ্রহন কৰিছে। ৰাজ্যত ইতিমধ্যে ১৭০ খন বিলাতী মদৰ দোকান, ৩৭৩ খন দেশীয় মদৰ দোকান, ৯২৩ খন বিয়েৰ বাৰকে ধৰি মুঠ ১৪৬৬ খন সুৰা বিপনী থকাৰ উপৰিও নতুনকৈ আৰু ২০৩ খন সুৰা বিপনিৰ অনুজ্ঞাপত্ৰ  দিয়াৰ প্ৰক্ৰিয়া চলাই আছে। মাথোন সেয়াই নহয় সুৰা বিক্ৰীৰে বছৰি ৪৫০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য পূৰণৰ বাবে  চৰকাৰে শেহতীয়াকৈ প্ৰতিখন সুৰা বিপনিক দিনে ৪৫০০ লিটাৰ মদ বা ৩৩১৪ লিটাৰ বিয়েৰ বিক্ৰীৰ নূন্যতম  সীমা বান্ধি দিছে। যিটো অত্যন্ত লজ্জাজনক কার্য। বিহাৰৰ দৰে ৰাজ্যই যেতিয়া মদৰ প্ৰচলন সম্পূৰ্ণ নিষিদ্ধ কৰিব পাৰিছে তেনে ক্ষেত্ৰত অসম চৰকাৰে কিয় সেই সৎ সাহস দেখুৱাবলৈ সক্ষম হোৱা নাই বুলি প্ৰতিবাদকাৰীসকলে প্ৰশ্ন কৰে। ৰাজ্যখনৰ কৃষিৰ আধুনিকীকৰণ, ৰাজহুৱা খণ্ডত কল-কাৰখানা গঢ়ি তোলা তথা ব্যৱসায়িক প্ৰতিষ্ঠান পৰিচালনাৰ মাজেৰে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন, নিবনুৱা যুৱক-যুৱতীক কর্ম সংস্থাপন দিয়াৰ ব্যৱস্থাৰ লগতে বিপুল ৰাজহ সংগ্ৰহৰ সম্ভাৱনা ৰাজ্যখনত আছে। সেই পথত নগৈ সমাজ, সংস্কৃতি তথা সভ্যতা ধ্বংসৰ পথ গ্রহন কৰিলে। চৰকাৰ এখনৰ কিন্তু অসমৰ সমাজ জীৱনক ধ্বংস কৰাৰ কোনো নৈতিক অধিকাৰ নাই। সেয়ে ৰাজহ সংগ্ৰহৰ বিকল্প পথ গ্রহন কৰি ৰাজ্যত মদ আৰু মাদক দ্রব্যৰ প্রচলন সম্পূর্ণ নিষিদ্ধ ঘোষণা কৰক আৰু অসমৰ সমাজ জীৱনক সুস্থ পথত বিকশিত হ'বলৈ দিয়ক বুলি দাবী জনাইছে মহিলা সংগঠনটোৱে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment