আবকাৰী অভিযান : বাহনসহ ৫৮০ লিটাৰ চুলাই জব্দ, গ্ৰেপ্তাৰ ৮



 

                                                                        গুৱাহাটী,২৭ মে' : কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ২৫ মে'ত মহানগৰীৰ জালুকবাৰী চক্ৰ আবকাৰী দলে এক অভিযান চলাই প্ৰায় ৫৮০ লিটাৰ চুলাই কঢ়িয়াই অনা ২ খন বাহন জব্দ কৰাৰ লগতে বাহন দুখনৰ লগত অহা ৬ জনক আটক কৰি অসম আবকাৰী আইনৰ ৫৩(১)(ক) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে। তদুপৰি সোণাপুৰ চক্ৰৰ আবকাৰী দলে মেঘালয়ত বিক্ৰীৰ বাবে প্ৰস্তুত কৰা ২৬ কাৰ্টুন বিলাতী সুৰা কঢ়িয়াই অনা আন দুখন বাহন জব্দ কৰে। এই সংক্ৰান্তত আন ২ জন ব্যক্তিক আটক কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment