গুৱাহাটীৰ লালগণেশত শোকাৱহ ঘটনা, দেৱাল খহি নিহত এটি শিশু
গুৱাহাটী,২৯ মে' : গুৱাহাটীৰ লালগণেশত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়। ভূমিস্খলনত এটি দুবছৰীয়া শিশু নিহত হয়। ঘটনাটো লালগণেশৰ কৃষ্ণনগৰৰ। বৰষুণৰ বাবে মাটি খহি গাৰ্ড ৱাল বাগৰি পৰাত শুই থকা অৱস্থাতে শিশুটিৰ মৃত্যু হয়। দিলীপ নাম লোকজনে মাটিখিনি চোৱা-চিতা কৰি আহিছিল। মাটিখিনিত নিৰ্মাণকাৰ্যও চলি আছিল। কিন্তু বৰষুণৰ বাবে পাহাৰীয়া মাটি নৰম হৈ পৰাত গাৰ্ড ৱাল খহি পৰে। এই ঘটনাত দিলীপ দাসৰ পত্নীও আহত হয়। ঘটনাৰ লগে লগে শিশুটিক সমীপৰ হায়াট হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে মাটিখিনিৰ গৰাকীয়ে নীতি-নিয়ম উলংঘা কৰি নিৰ্মাণ কাৰ্য চলাই আহিছিল।

0 Comments:
Post a Comment