জ্যেষ্ঠ ৰাজনৈতিক থানেশ্বৰ বড়োৰ মৃত্যুত অগপত শোকৰ ছাঁ, সাতদিনীয়া শোক



গুৱাহাটী,১৭ মে’ : আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰিছে। আজি পুৱা ৭ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিস্বাশ ত্যাগ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে। ১৯৮৫ চনত গোলাঘাটত জন্মগ্ৰহণ কৰা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক উপ-সভাপতি পিছলৈ দলটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰয়াত বড়োৱে ৰঙিয়া বিধান সভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। অসম গণ পৰিষদ দলৰ চৰকাৰৰ সময়ত ৰাজহ মন্ত্ৰী, পৰিকল্পনা মন্ত্ৰী আৰু শেষৰটো কাৰ্য্যকালত শিক্ষামন্ত্ৰী হিচাপে সফলতাৰে কাৰ্য্যনিৰ্বাহ কৰা বড়োৱে বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল। ৰেল বিভাগত থলুৱা নিযুক্তি, ৰঙিয়া ৰেল ডিভিজন প্ৰতিষ্ঠা কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ জাতীয় বিষয়ত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। বড়োৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰি দলে এগৰাকী অভিভাৱক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। বৰাই লগতে কয় যে তেখেত আছিল এগৰাকী নিষ্ঠাবান, সৰল আৰু জাতীয় দায়িবদ্ধ সম্পন্ন ব্যক্তি। অসমৰ জাতীয় জীৱনৰ লগতে আঞ্চলিক ৰাজনীতিত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তইয়ো জ্যেষ্ঠ আঞ্চলিকতাবাদী ৰাজনৈতিক নেতা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি এগৰাকী আদৰ্শবান অসমৰ হকে চিন্তা কৰা প্ৰকৃত জননায়কক হেৰুৱাবলগা হ’ল বুলি মতপোষণ কৰে। আজি তেখেতৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়লৈ অনা হয় আৰু দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ সকলো স্তৰৰ বিষয়ববীয়াই শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে তেখেতৰ নশ্বৰ দেহ দিশপুৰৰ বিধানসভালৈ নিয়া হয় আৰু তাৰ পৰা ৰঙিয়াত ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত সম্পন্ন কৰা হয়। শেষকৃত অনুষ্ঠানত সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰি অসম গণ পৰিষদ দলে সাতদিনীয়া শোক পালনৰ কথা ঘোষণা কৰে। আজিৰে পৰা ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্য্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে। দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ড০ কমলাকান্ত কলিতা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, সুনীল ডেকা, ড০ তপন দাস আদিৰ লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, শ্ৰম পৰিষদ অসম, অসম ছাত্ৰ পৰিষদ, অসম ভাষিক সংখ্যালঘু পৰিষদ, অগপ কামৰূপ জিলা সমিতি, অগপ গুৱাহাটী মহানগৰ সমিতি, অগপ ৰঙিয়া বিধান সভা সমষ্টি সমিতি, অগপ দৰং জিলা সমিতি, অগপ নলবাৰী জিলা সমিতি আদিয়েও প্ৰয়াত নেতাগৰাকী বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment