কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ পৰ্যালোচনা বৈঠক


গুৱাহাটী,১৭ মে' : কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ  অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ পৰ্যালোচনা বৈঠকখন জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। এই বৈঠকত ইতিমধ্যে  যোৱা ২২ এপ্ৰিলত হৈ যোৱা  সিদ্ধান্ত সমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ  কৰাৰ লগতে দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অবগত কৰে। তদুপৰি দুৰ্ঘটনাৰ সম্ভাৱনা থকা এলেকাৰ ডিভাইডাৰ সমূহত পাৱাৰযুক্ত ষ্ট্ৰীট লাইট আদিৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়ে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে দুৰ্ঘটনা ৰোধৰ বাবে ইতিমধ্যে লোৱা সজাগতামূলক কাৰ্যসূচীৰ বিষয়ে অৱগত কৰাৰ উপৰি গুৱাহাটীৰ বিভিন্ন এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ আশংকা থকা স্থানসমূহ পাৱাৰ প্ৰেজেন্টটেশ্যন  পদ্ধতিৰে প্ৰদৰ্শন কৰে। তদুপৰি ই-ৰিক্সা, পদ-পথৰ দোকান, পাৰ্কিঙৰ  যথাযথ ব্যৱস্থাৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। আজিৰ বৈঠকত কামৰূপ মহানগৰ জিলাৰ সহকাৰী আযুক্ত ৰিচি বন্দনা গগৈ, জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু হিমাংশু দাস, আবকাৰী অধীক্ষক দেৱজিৎ নাথসহ সংশ্লিষ্ট আৰক্ষী বিষয়া তথা অন্যান্য বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment