লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰাজ
লখিমপুৰ,১৭মে' : লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত জল জীৱনৰ আঁচনি ৰূপায়ণৰ নামত এতিয়া ব্যাপক কমিচনৰাজ অব্যাহত আছে। বিভাগটোৰ কাৰ্যবাহী অভিযন্তাকে ধৰি একাংশ বিষয়া কৰ্মচাৰীয়ে জল জীৱনৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম অব্যাহত ৰখাৰ বাবে একাংশ ঠিকাদাৰক ৰঙাদলিচা পাৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি বিল পাচ কৰাৰ নামত অভিযন্তাৰ পৰা ধৰি বিষয়া কৰ্মচাৰীলৈকে ব্যাপক হাৰত উটকোচ দিব লগা হয় বুলি একাংশ ভুক্তভূগী ঠিকাদাৰে জানিবলৈ দিছে। শেহতীয়াকৈ লখিমপুৰ আৰু বিহপুৰীয়া সংমণ্ডলত ৬ জনকৈ ঠিকাদাৰক কাম বাতিল কৰি সেই কাম ব্যাপক কমিচনৰ বিনিময়ত কেইজনমান নিৰ্দিষ্ট ঠিকাদাৰক দিয়াৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ আৰু বিহপুৰীয়া সংমণ্ডলৰ অন্তৰ্গত জল জীৱন মিচন আঁচনিৰ অধীনত থকা খৰাচাপৰি জনস্বাস্থ্য খোৱা পানী যোগান আঁচনি, ২ নং ডিক্ৰং চাপিৰ খোৱা পানী যোগান আঁচনি, ধৰ্ম্মপুৰ খোৱা পানী যোগান আঁচিন, কুটুবপুৰ খোৱা পানী যোগান আঁচনি আৰু সোমদিৰি খোৱা পানী যোগান আঁচনি কেইখন পূৰ্ব্বে আৱন্তন পোৱা ঠিকাদাৰৰ পৰা বাতিল কৰি এই আঁচনিকেইখন লোকসভা নিৰ্ব্বাচনৰ অধিসূচনা জাৰিৰ সময়তে বিভাগটোৰ ৰফিক, মোবাৰক, নজিউৰ, সীমান্ত, মোৰতাজুৰ আৰু ননী মাধৱ নামৰ ঠিকাদাৰ কেইজনক আৱন্টন দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইফালে লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰিকৰী অভিযন্তাজনে জনোৱা অনুসৰি ৩০ জন ঠিকাদাৰক কাম পলম হোৱাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ লগতে অহা ৩১ মেৰ ভিতৰত জল জীৱন মিচনৰ সকলো ঠিকাদাৰক আঁচনি সম্পূৰ্ণ কৰাৰ নিৰ্দ্দেশ জাৰি কৰা হৈছে। যিসকল ঠিকাদাৰে সঠিক কাৰণ দৰ্শাব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও বিষয়াজনে জানিবলৈ দিয়ে।


0 Comments:
Post a Comment