মহানগৰীত অবৈধ বিলাতী সুৰা আৰু চুলাই মদ জব্দ : গ্ৰেপ্তাৰ ৯ জন


গুৱাহাটী,৩ মে' : নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত সুৰাৰ অবৈধ সৰবৰাহ তথা মজুত ৰখাৰ বিৰুদ্ধে সতৰ্ক দৃষ্টি ৰাখিছে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে। বিগত সপ্তাহত এনে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই মহানগৰ আবকাৰী বিভাগে বিভিন্ন ঠাইৰ পৰা প্ৰায় ১৭৬৫ লিটাৰ চুলাই, ৫৫২০ কিলোগ্ৰাম ফাৰ্মেন্টেড ৱাছ আৰু প্ৰায় ১২৯৪ লিটাৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে চুলাই নিৰ্মাণত ব্যৱহৃত ৯ টা সঁজুলি ধ্বংস কৰে। এই সংক্ৰান্তত এতিয়ালৈকে ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment