পল্টন বজাৰৰ বিজুলী ভৱনত ভয়াৱহ অগ্নিকাণ্ড



গুৱাহাটী,৩ মে' : গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডলৈ হুৱাদুৱা পল্টন বজাৰত। শুকুৰবাৰে বিজুলী ভৱনৰ দ্বিতীয় মহলাত প্ৰায় ৪ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীৰ ৯ খনকৈ বাহনে জুই নুমাবলৈ সক্ষম হয়। জুই দ্বিতীয় মহলাৰ পৰা ষষ্ঠ মহলালৈ বিয়পি যায়। সেই সময়ত দ্বিতীয় মহলাৰ পৰা ষষ্ঠ মহলালৈ প্ৰায় ৪০০ তকৈ অধিক কৰ্মচাৰীয়ে কাম কৰি আছিল যদিও অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই । এই অগ্নিকাণ্ডৰ কাৰণ বৰ্ত্তমানলৈ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত বিজুলী ভৱনৰ বহু নথি পত্ৰ জাহ গৈছে বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে পানবজাৰ, পাণ্ডু, দিছপুৰ, চানমাৰি, লখৰাৰ পৰা অহা মুঠ ৯ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment