কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা


গুৱাহাটী,৪ মে' : ৰাজ্যৰ চাৰিটা সমষ্টিত ৭ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। যাৰ পৰিপ্ৰেক্ষিতত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে'ৰ আবেলি ৫ বজাৰ পৰা ৭ মে'ৰ  আবেলি ৫ বজালৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তদুপৰি সকলো ধৰণৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা  বিপনী, বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ  ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশটোত কোৱা হৈছে। উল্লেখ্য যে জিলা প্ৰশাসনে ৪ জুনৰ ভোটগণনাৰ দিনাখনো কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment