বিধায়ক অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী
গুৱাহাটী,৪ মে' : ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈলৈ নিৰ্বাচন আয়োগে জাৰি কৰিছে কাৰন দৰ্শোৱাৰ জাননী। এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ দলটোৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই দাখিল কৰিছিল অভিযোগ। উক্ত অভিযোগৰ ভিত্তিতে নিৰ্বাচন আয়োগে বিধায়ক অখিল গগৈলৈ জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী। জাননী যোগে বিধায়ক অখিল গগৈৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে। উল্লেখ্য যে বৃহস্পতিবাৰে অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দিখিল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই। এ আই ইউ ডি এফ দলে দাখিল কৰা অভিযোগ অনুসৰি ভিত্তিহীন কিছু কথাৰে মানুহক বিপথে পৰিচালিত কৰা মন্তব্য প্ৰকাশ কৰিছিল অখিল গগৈয়ে। অখিল গগৈৰ তেনে কাৰ্যই জনমানসত এগৰাকী ব্যক্তিৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰে বুলি এ আই ইউ ডি এফে অভিযোগ উত্থাপন কৰিছিল।
%20(3).jpeg)
0 Comments:
Post a Comment