লখিমপুৰৰ কদমত জিলা পৰিষদৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি


লখিমপুৰ,৫ মে' : লখিমপুৰ জিলাৰ কদমত কদম জিলা পৰিষদৰ এক আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি  আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে কাৰ্যকাল সামৰণি পৰা বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম জিলা পৰিষদ পুঁজিৰে কদম সমবায় সমিতি চৌহদত পঞ্চদশ বিত্তীয় আয়োদৰ ২০১-২২ বৰ্ষত ২,৯৩,৩৫০ টকা পুজিৰে নিমাৰ্ণ কৰা। Sanitization Facility at Kadam Samabai নামৰ আঁচনিখন একপ্ৰকাৰ প্ৰহসনত পৰিণত হৈছে৷ ৰাজহুৱা অভিযোগ অনুসৰি আঁচনি ৰূপায়ণ কৰা দুগৰাকী স্থানীয় ব্যক্তিয়ে পালমৰা কাম আৰু নিম্নমানৰ সামগ্ৰীৰে উক্ত আঁচনিখন নিৰ্মাণ কৰাৰ পৰবৰ্তী সময়ত প্ৰায়ে এবছৰ ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ আছে৷ জানিব পৰা মতে আঁচনিখন ৰূপায়নৰ দায়িত্ব তেওঁলোকে লাভ কৰে যদিও প্ৰাককলন অনুসৰি কাম নকৰি দ্বিতীয় কিস্তিৰ ধনো মুকলি কৰি লৈ যায় যদিও এই পৰ্যন্ত সমবায় সমিতিখনে এই আঁচনিখন ব্যৱহাৰ কৰিব পৰা নাই। নিম্নমানৰ টিনপাত, নিম্ন মানৰ কাঠ আদিৰে নিৰ্মাণ কৰা আঁচনিখন ৰূপায়ণৰ বাবে ধাৰ্য কৰা পুঁজিৰ ২.২০ লাখ টকা ইতিমধ্যে মোকোলাই দিয়া হৈছে যদিও এই পৰ্যন্ত ব্যৱহাৰ কৰিব পৰা হোৱা নাই৷ উল্লেখ্য যে কদম জিলা পৰিষদৰ আন বহুকেইখন আঁচনিও সম্পূৰ্ণ নকৰাকৈ পৰিষদৰ পুঁজি অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছতো পিছপৰা অঞ্চলটোৰ জনসাধাৰণ কেনেদৰে উপকৃত হ’ব সেইলৈ ব্যাপক চৰ্চা অব্যাহত আছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment