কামৰূপ মহানগৰ জিলাত ভোটগণনাত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ


গুৱাহাটী,২৭ মে' : লোকসভা নিৰ্বাচনৰ ভোটগণনা ৪ জুনত কৰা হ'ব। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়া গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব। উক্ত ভোট গণনা প্ৰক্ৰিয়াত জড়িত সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ আজিৰে পৰা দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। গণনা তত্বাৱধায়ক, গণনা সহায়ক, মাইক্ৰ অৱজাৰভাৰ, পোষ্টেল বেলট গণনাত নিয়োজিত বিষয়া-কৰ্মচাৰী, টেবুলেচন আৰু কম্পাইলচনত জড়িত সকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যবস্থা কৰা হৈছে। এই প্ৰশিক্ষণ ১ জুনলৈকে অব্যাহত থাকিব আৰু পৰৱৰ্তী দিনত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষতো অনুষ্ঠিত হ'ব।     

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment