মুক্তিপথৰ চলচ্চিত্ৰ 'কুকি'ৰ মোচন পোষ্টাৰ মুকলি
গুৱাহাটী,৩০ মে' : অসমৰ হিন্দী চলচ্চিত্ৰ 'কুকি'ৰ মোচন পিকচাৰে শেহতীয়াকৈ গুৱাহাটীত মুক্তি লাভ কৰে। চলচ্চিত্ৰখন ২০২৪ চনৰ ২৮ জুনত মুম্বাই, দিল্লী, কলকাতা, বাংগালুৰু, চেন্নাই, পুনে চহৰসহ সমগ্ৰ দেশৰ ১০০ খন চিনেমা হলত মুক্তিৰ বাবে সাজু হৈ পৰিছে। পৰিচালক প্ৰণৱ জে ডেকা, প্ৰবীণ অভিনেতা অতুল পাচনি আৰু প্ৰযোজক ড° জোনমণি দেৱী খাউণ্ডে এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে। কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা সমগ্ৰ বিশ্বৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰি চলচ্চিত্ৰখনৰ যথেষ্ট প্ৰশংসা কৰিছে। চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি পৰিচালক প্ৰণৱ জে ডেকাই কয়। মুক্তি উপলক্ষে চলচ্চিত্ৰখনৰ প্ৰযোজক ড° জোনমণি দেৱী খাউণ্ডে কয় যে কুকিৰ মুক্তিৰ বাবে মাত্ৰ এমাহ বাকী থকা কথাটোক লৈ আমি সঁচাকৈয়ে উৎসাহিত, আমাৰ গোটেই দলটোৱে এই প্ৰকল্পটোৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে। মোচন পোষ্টাৰ অনুপম বৰদলৈ আৰু ৰুবুল দাসে ডিজাইন কৰিছে। ধ্বনি ডিজাইন কৰিছে তপন জ্যোতি দত্তই। পোষ্টাৰসমূহ ডিজাইন কৰিছে অমিত দাস আৰু সঞ্জীৱ চেতিয়াই।

0 Comments:
Post a Comment