লখিমপুৰত নীপকো সৃষ্ট পানীৰ ঢলে উটুৱাই নিলে চাৰিজনক, প্ৰতিক্ৰিয়া মানৱাধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ
লখিমপুৰ,৩১ মে' : অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যিদৰে ধেমাজি, লখিমপুৰ, মাজুলীবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে তেনেদৰে প্ৰতিবছৰে ৪০৫ মেগাৱাট শক্তি সম্পন্ন ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰৰ নামনিত বিভিষীকাৰ সৃষ্টি কৰি আহিছে৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্প তথা নীপকোৰ পানীয়ে লখিমপুৰৰ জহিঙত অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰে৷ নীপকো সৃষ্ট কৃত্ৰিম বানৰ ভয়াৱহ ধলে চাৰিজন লোকক নিমিষতে উটুৱাই নিয়ে৷ এনে পৰিস্থিতিত জহিং ১ নং লাইনৰ চামচুল চুৰিন (২৫), চিমচান কুঞ্জে (৫১), আগনুছ তিৰ্কি (৪১) আৰু অনজুল চুৰিন (৫০) নামৰ লোক চাৰিজনৰ ভিতৰত আজি তিনিজনক পুৱা ৬ বজাত উদ্ধাৰ কৰা হয় যদিও চামচুল চুৰিন নামৰ যুৱকজন বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। ঘটনাৰ বিৱৰণী অনুসৰি ইয়াৰে সন্ধানহীন হৈ থকা নববিবাহিত যুৱক চামচুল চুৰিনৰ এই পৰ্যন্ত সন্ধান ওলোৱা নাই যদিও আৰক্ষী, ৰাজহ চক্ৰ বিষয়াৰ লগতে এচ ডি আৰ এফ বাহিনী আৰু স্থানীয় লোকে গোটেই দিনটো ৰঙানদীৰ বক্ষত ঘটনা সংঘটিত জহিং-জুমি অঞ্চলৰ প্ৰায় ৬ কিলোমিটাৰ এলেকাত ৰঙানদীৰ বক্ষত চামচুল চুৰিনৰ সন্ধান বিচাৰি অভিযান চলাইছে যদিও সন্ধিয়া পৰ্যন্ত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ পৰিতাপৰ কথা যে সোমবাৰে অহা অভাৱনীয় ঢলে এই চাৰিজন লোকক উটুৱাই নিয়াৰ পিছত টিমচন কুঞ্জুৰ আৰু আমজুলুচ চুৰিনে ওৰে নিশা ৰঙানদীৰ বক্ষৰ এটা সৰু দ্বীপত গছত উঠি প্ৰাণ ৰক্ষা কৰাৰ পিছত আজি পুৱা ৬ বজাতহে তিনিওজনকে আৰক্ষী, এছ ডি আৰ এফে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে নীপকোৰ ঢলে তিনিটা পশুধনো উটুৱাই নিয়ে৷ স্থানীয় লোকসকলে অভিযোগ কৰে যে দীৰ্ঘদিন ধৰি সেই স্থানত নীপকোক চাইৰেনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও নীপকো কতৃৰ্পক্ষই সেই দাবী আওকান কৰি অহাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলিছে৷ নীপকো কতৃৰ্পক্ষই কেৱল লখিমপুৰ জিলা প্ৰশাসনক জাননী দি দায় সাৰি আহিছে৷ লক্ষণীয় কথা যে কালি নীপকোৱে হঠাতে ৰঙানদীত গেট খুলি দিয়াৰ পিছত কেবাফুট উচ্ছতাৰে অহা ঢলে নিমিষতে আটাইকেইজন লোকক উটুৱাই নিয়াৰ লগতে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে৷ আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে উক্ত লোক কেইজনে ৰঙানদীত জাল পাতি মাছ ধৰিবলৈ গৈছিল। একপ্ৰকাৰে তৰাং নদীখনত কেবা ফুট উচ্ছতাৰে হঠাৎ অহা পানীয়ে সমগ্ৰ অঞ্চলটোত বিভিষীকাৰ সৃষ্টি কৰে৷ নদীৰ বক্ষত খৰি লোৰা, মাছ ধৰা, কাপোৰ ধোৱা অথবা গা ধোৱা লোকসকলে পানীৰ তীব্ৰ গতি দেখি দৌৰি পলাব লগা অৱস্থাৰ সৃষ্টি হয়৷ ইপিনে ৰঙানদীৰ কৃত্ৰিম বানে পাচনৈ অঞ্চলত এটা পথ বিছিন্ন কৰাত তিনিখনকৈ গাঁৱৰ মাজত যোগাযোগ ব্যাহত হৈ পৰে৷ উল্লেখ্য যে নীপকোৰ বানে ২০০৮ চনত লখিমপুৰত ২২ জনকৈ লোকক উটুৱাই নিয়াৰ পিছতে আটাইকেইজনৰে সলিল সমাধি ঘটিছিল৷ লক্ষণীয় কথা যে নীপকোয়ে ৰঙানদীত কালিৰে পৰা প্ৰকল্পৰ গেট খুলি পানী এৰি আহিছে । নিপকোৱে আজি বহু বছৰৰ পৰা বিশেষ ভাৱে মাইকিং নকৰাকৈ হঠাৎ পানী এৰি দি সাধাৰণ জনতাৰ ক্ষতি কৰা কাৰ্যক গৰিহণা জনোৱাৰ লগতে এনে কাৰ্য মানৱাধিকাৰ উলঙ্ঘন বুলি তীব্ৰ সমালোচনা কৰে অসমৰ যুক্তিবাদী চিন্তাবিদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই। ড০ শইকীয়াই পুনৰ কয় যে চৰকাৰ, প্ৰশাসন আৰু নিপকো আদি সকলোৱে মিলি বাৰম্বাৰ বানপানীৰ সময়ত মানৱ অধিকাৰ উলঙ্ঘন কৰা ঘটনাটো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে গুৰুতত্ব সহকাৰে লৈ ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁ আহ্বান জনায়।

0 Comments:
Post a Comment