লখিমপুৰৰ নাওবৈচাৰ শিঙৰা নৈৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি
লখিমপুৰ,৩১ মে' : লখিমপুৰ জিলাৰ নাওবৈছাৰ শিঙৰা নদীৰ মথাউৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । ব্যাপক হেমাহী আৰু অনিয়মেৰে সম্পূৰ্ণ বালিৰে নিৰ্মান কৰা মথাউৰিক লৈ এতিয়া ৰাইজ আতংকিত হৈ পৰিছে । প্ৰায় ৭কোটি ৪০ লাখ টকা ব্যয়ৰে নাওবৈছা চমুৱাগাঁও মথাউৰি নিৰ্মাণৰ বাবে ৰাজীৱ চাহু নামৰ এজন ঠিকাদাৰে কামৰ আবন্টন লাভ কৰিছিল যদিও ঠিকাদাৰজনে মথাউৰি নিৰ্মাণৰ বেলিকা ব্যাপক অনিয়মৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। সম্প্ৰতি বালিৰে নিৰ্মাণ কৰা মথাউৰি ইতিমধ্যে শিঙৰা নৈয়ে খহাবলৈ আৰম্ভ কৰাৰ আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। বিগত বৰ্ষত শিঙৰা নদীয়ে ছিঙা অংশতে এইবাৰো শিঙৰা নৈয়ে মঠাউৰি ছিঙাৰ আশংকা কৰিছে ৰাইজে। মঠাউৰি নিৰ্মাণত ঠিকাদাৰজনৰ অনিয়ম, হেমাহীৰ সন্দৰ্ভত ঠিকাদাৰ আৰু জল সম্পদ বিভাগৰ অভিযন্তাগৰাকীক ৰাইজে কৈ কৈ ভাগৰি পৰাত ৰাইজ উপায়ন্তৰ হৈ পৰিছে। এই ক্ষেত্ৰত সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি জীৱন ৰাজখোৱাই ঠিকাদাৰজনৰ দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেৱল ধনৰ জোৰত কামৰ আবন্টন লাভ কৰাৰ পিছত তেওঁ কাম ভালদৰে নকৰে আৰু পালমৰা কাম কৰি ৰাইজক সমস্যাত পেলোৱাৰহে চেষ্টা কৰে। এই ক্ষেত্ৰত তেওঁ বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আনহাতে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জলসম্পদ হস্তক্ষেপ কামনা কৰাৰ লগতে এই মথাউৰি নিৰ্মাণ দায়িত্ব লাভ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ঠিকাদাৰৰ হেমাহিৰ বাবেই পুনৰ শিঙৰাৰ বানত ৰাইজে ঘৰ বাৰী হেৰুৱাব। উল্লেখ্য যে নদীখনৰ সোঁ পাৰৰ নামনি অংশত অৰ্থাৎ যোৱা বছৰ ছিঙা অংশৰ পিছৰ অংশত বিছিন্ন কৰাৰ আশংকা আহি পৰিছে। যাৰ বাবে অঞ্চলটোৰ চমুৱা, কাড়ি, কোঁৱৰ গাঁও, শলমৰীয়া, কলাখোৱা, মেৰচুক, বৰচলাকে ধৰি বহু গাঁৱলৈ অশনি সংকেত কঢ়িয়াই আনিছে।

0 Comments:
Post a Comment