ধৰ্ষণকাৰী শিক্ষক গৌতম নাথক ফাঁচিৰ দাবী কাৰ্বি আংলং জিলা বাঙালী সমাজৰ
হাওৰাঘাট,৩ জুন : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত কিছুদিন পূৰ্বে এজন টেট শিক্ষকে ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি সভ্য সমাজক লজ্জানত কৰা ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি দেওবাৰে কাৰ্বি আংলং জিলা বাঙালী সমাজৰ এটা প্ৰতিনিধি দল ৰংকুটত উপস্থিত হৈ মানৱ ৰূপী দানৱৰ কামনাৰ বলি হোৱা কন্যা শিশুটিৰ গৃহত উপস্থিত হৈ পৰিয়ালটোক দুখৰ সমভাগি হয়। ইয়াৰ পিছতে সজাটি দলটোৱে উত্তৰ বৰবিলত বিয়লি এখন সংবাদমেল সম্বোধন কৰি কাৰ্বি আংলং জিলা বাঙালী সমাজে উক্ত শিশু ধৰ্ষণকাৰী ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সংবাদমেলত কাৰ্বি আংলং জিলা বাঙালী সমাজৰ সম্পাদক অজিত দাসে ৯ বছৰীয়া শিশু ধৰ্ষণকাৰীৰ নিন্দনীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে টেট শিক্ষক গৌতম নাথক কঠোৰৰ পৰা কঠোৰতম ফাঁচি প্ৰদানৰ বাবে দাবী উত্থাপন কৰে। আনহাতে সংবাদমেলত মুখপাত্ৰ মহেন্দ্ৰ শীলে ৯ বছৰীয়া শিশু ধৰ্ষণকাৰী গৌতম নাথক প্ৰশাসনে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি কাঠত ওলমাবলৈ দাবী জনায়। সংবাদমেলত উপস্থিত থাকে কাৰ্বি আংলং জিলা বাঙালী সমাজৰ সভাপতি চিতু কান্ত নাথ, সম্পাদক অজিত দাস, উপ সভাপতিদ্বয় নিতিশ দেৱ আৰু বাবুল নাথ, মুখপাত্ৰ মহেন্দ্ৰ শীল, চন্দন দাস, চম্ভু মালাকাৰ, স্বপন দাস, মুকুল নাথ আদি।

0 Comments:
Post a Comment