নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ সন্দেহ বিজেপি নেতা সুনীল গগৈক




লখিমপুৰ,৩ জুন : গাৰ নোম শিয়ৰি উঠা এক নৃশংস লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ ঢকুৱাখনা মহকুমা। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ ঠিকাদাৰ তথা ঢকুৱাখনা মণ্ডল বিজেপিৰ কিষান মাৰ্চৰ সাধাৰণ সম্পাদক সুনীল গগৈক নিজা ঘৰৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগৰ তেওঁৰে এখন মূগা চোমণিত দেওবাৰে নিশা অতি নৃশংসভাবে হত্যা কৰা হয়। ঢকুৱাখনা থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাৱঁৰ নাহৰনি পথাৰত ঘটা এই হত্যাকাণ্ডত হত্যাকাৰীয়ে সুনীল গগৈক কাপোৰ কানি খুলি মূৰটো আৰু হাত ভৰি কাটি লৈ যায় বুলি সন্দেহ কৰা হৈছে। বাকী অংশ চোমণিতে জেওৰা দিবলৈ  কাটি ৰখা বাহঁৰ দম এটাৰ সহায়ত জ্বলাই দিয়ে। উল্লেখ যে দেওবাৰে নিশা যিহেতু প্ৰৱল বৰষুণ হৈছিল গতিকে কোনো ৰাসায়নিক পদাৰ্থ নতুবা পেট্ৰোলিয়াম জাতীয় পদাৰ্থৰ দ্বাৰা জ্বলাই দিয়ে বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত মৃত সুনীল গগৈয়ে পিন্ধি যোৱা এটা টি চাৰ্ট, জ্বলি থকা অৱস্থাত তেওঁ লৈ যোৱা টৰ্চ লাইট, পিন্ধি যোৱা এযোৰ হাৱাই চেণ্ডেলৰ লগতে এখন তীক্ষ্ণ ধাৰ থকা দা উদ্বাৰ হৈছে। উল্লেখ্য যে শনিবাৰৰ দিনা সন্ধিয়া গগৈয়ে ভোক লগাৰ কথা কৈ পত্নীক ভাত বান্ধিবলৈ কয়। পত্নীয়ে ভাত ৰান্ধি ৮-৩০ বজাত সকলোকে ভাত খাবলৈ দিয়ে । কিন্তু গগৈয়ে ভাত খাব নোৱাৰিলে। কিবা যেন অশান্তিকৰ এক অৱস্থাই  মানুহজনক খেদি ফুৰিছিল বুলি গগৈ পত্নীয়ে সাংবাদিকৰ আগত বিবৰি কয়। বঢ়া ভাত এৰি থৈ মই অলপ আহোঁ বুলি কৈ সুনীল গগৈ ঘৰৰ পৰা ওলাই যায়। ৰাতি এপৰলৈকে ঘৰলৈ ঘূৰি নহাত পত্নীয়ে বৰদেউতাকৰ লগত পুএক স্বামীক বিচাৰি পঠায়। পৰৱৰ্তী সময়ত ৰাতি প্ৰায় এক বজাত হত্যাৰ ঘটনা পোহৰলৈ আহে। ঘটনাৰ খৱৰ পোৱা লগে লগে ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈ, ঢকুৱাখনা মহকুমাৰ আৰক্ষী বিষযা ঘটনাস্থলীত উপস্থিত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment