লখিমপুৰ নাওবৈচাত বিদ্যালয়ৰ ভুমি বেদখল : মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্রহণ আহ্বান



লখিমপুৰ,১০জুনঃ লখিমপুৰৰ নাওবৈচাত এখন চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখল হোৱাৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ যে লখিমপুৰ জিলাখনৰ নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ ভৰলুৱা 'খ' প্ৰাথমিক বিদ্যালয়ৰ বৃহৎ অংশ ভূমি একাংশ অসাধু লোকে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ভৰলুৱা গাঁৱৰ নুৰ মহম্মদ নামৰ অসাধু লোকজনে বিদ্যালয়ৰ ভূমি বেদখল কৰি পকী ঘৰ নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ৰাজ্জাকে অভিযোগ কৰা মতে বিদ্যালয়খনৰ নামত থকা নাওবৈচা ৰাজহ চক্ৰৰ ৬৫০ নম্বৰ দাগৰ এক বিঘা ভূমিৰ তিনি কঠা মাটি নুৰ ইছলাম নামৰ লোকজনে অবৈধভাৱে দখল কৰি পকী ঘৰ নিৰ্মান সম্পূৰ্ণ কৰিছে। এনেদৰে বিদ্যালয়ৰ ভূমি বেদখল কৰাত বিদ্যালয়খনৰ চৌহদ যথেষ্ট ঠেক হৈ পৰিছে। যাৰফলত বিভিন্ন সময়ত কণকণ ছাত্ৰ-ছাত্ৰীৰ  ভীষণ সমস্যাৰ সৃষ্টি হৈছে। বেদখলকাৰীজনে বিদ্যালয়খনৰ ভূমি বেদখল কৰাত বিদ্যালয়খনৰ  নতুনকৈ কোনো ধৰণৰ শ্ৰেণী কোঠা নিৰ্মান কৰিব নোৱাৰাত একেটা কোঠাতে ৬টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক একেলগে পাঠদান কৰাত সমস্যাত পৰিছে শিক্ষকসকল। বেদখলকাৰী নুৰ ইছলামৰ বিৰুদ্ধে বিদ্যালয়ৰ কতৃৰ্পক্ষই নাওবৈচা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো আজিপৰ্যন্ত কোনো  ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি সংবাদ মাধ্যমক বিদ্যালয়খনৰ তৰফৰ পৰা জানিবলৈ দিয়ে। বিদ্যালয়ৰ নামত থকা ভূমিৰ বেদখল উচ্ছেদ কৰি বিদ্যালয়খনলৈ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰধান শিক্ষক গৰাকীয়ে। স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদ্যালয়ৰ ভূমি  বেদখলকাৰীৰ পৰা মুক্ত কৰি নুৰ ইছলাম বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment