লখিমপুৰত জলজীৱন মিছনৰ কামৰ নমুনা : নাওবৈছাত বৰষুণতে হাউলি পৰিল কোটি টকীয়া আঁচনিৰ পকী দেৱাল



লখিমপুৰ, ১৯ জুন : সমগ্ৰ দেশতে জলজীৱন মিছন আঁচনিৰ অধীনত খোৱাপানী যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভিলাসী আঁচনি গ্ৰহণ কৰিছে যদিও লখিমপুৰ জিলাত জল জীৱন মিছন এতিয়া ভেকোভাওনাত পৰিণত হৈছে। তেনে এখন আঁচনি হৈছে নাওবৈচাৰ গোসানীবাৰী পানী যোগান আঁচনিখন। ২০২১-২২ বৰ্ষত অনুমোদিত ১কোটি ৮ লাখ টকীয়া এই আঁচনিখনৰ পকী দেৱাল এতিয়া আঁচনি নিৰ্মাণ কৰি থকাৰ সময়তে  হাউলি ভাগি পৰা কাৰ্যই সচেতন ৰাইজক আঁচৰিত কৰি তুলিছে৷ উল্লেখ্য যে লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ এই আঁচনিখন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল খগেন হাজৰিকা নামৰ এজন  ঠিকাদাৰে ৷ উক্ত আঁচনিখনৰ জৰিয়তে গাঁওখনৰ ১১৯ টা পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব লাগিছিল যদিও ২০২১-২২ বৰ্ষতে আবন্টন লাভ কৰা  আঁচনিখনৰ কাম এই পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল৷ পুখুৰী তথা নৈ, বিল, খাল, দোঙৰ পানী খাই জীৱন ধাৰণ কৰি অহা গোসানীবাৰীৰ অধিকাংশ লোকেই এই আঁচনিখনৰ জৰিয়তে খোৱাপানীৰ ক্ষেত্ৰত সু-ফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল যদিও এই আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ বিভাগীয় অভিযন্তা তথা বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই আজি পৰ্যন্ত এই লোকসকলে বিশুদ্ধ খোৱাপানীৰ মুখ দেখিবলৈ সক্ষম নহ’ল৷ সম্প্ৰতি কোটি টকীয়া এই আঁচনিখনৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে যদিও একপ্ৰকাৰে জলাশয়ত পৰিণত হোৱা গোসানীবাৰীৰ লোকসকল বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে৷ তাৎপৰ্যপূৰ্ণ কথা যে নিবিদাপ্ৰাপ্ত ঠিকাদাৰে সঠিক ভাৱে আঁচনিখন নিৰ্মাণ নকৰাৰ বাবেই আঁচনি উদ্বোধন নৌ হওঁতেই চৌহদৰ পকী বেৰা হাউলি ভাগি পৰা কাৰ্যই আঁচনিখন নিম্ন মানেৰে নিৰ্মাণ কৰা কথাকে সূচাইছে৷ ইফালে আঁচনিৰ কাম কৰাৰ বেলিকা ঠিকাদাৰে মাটি পেলোৱাৰ ব্যৱস্থা নকৰাত এজাক বৰষুণতে আঁচনিৰ চৌহদ জলমগ্ন হৈ পৰে । এই ক্ষেত্ৰত বিভাগীয় কনিষ্ঠ অভিযন্তা, বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে ঠিকাদাৰে নিম্ন মানদণ্ডৰ কামেৰেই আঁচনিৰ ধন সৰকাইছে । এই সন্দৰ্ভত ৰাইজে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ তথা জিলা আয়ুক্তৰ দৃষ্টি কামনা কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment