নীট কেলেংকাৰীৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত গুৱাহাটীত আপৰ বিক্ষোভ
গুৱাহাটী,১৯ জুনঃ মেডিকেল নামভৰ্তিৰ পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখতো বহুসংখ্যক আপৰ নেতা কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। এই বৃহৎ কেলেংকাৰীত হাৰিয়ানাৰ এগৰাকী বিজেপি নেতাৰ নাম জড়িত হৈ পৰিছে। বিজেপি নেতাৰ পত্নীৰ মালিকানাধীন বিদ্যালয়ত থকা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল অনিয়ম। শীৰ্ষস্থান প্ৰাপ্ত ৬ পৰীক্ষাৰ্থীৰ সৈতে বিজেপি নেতাৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে আপে। গুৱাহাটীত আজি আপৰ প্ৰতিবাদী কাৰ্যসূচীত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই বৃহৎ অনিয়মৰ শীঘ্ৰে তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। উচ্চ শিক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ যাতে শৈক্ষিক জীৱন বিনষ্ট নহয় সেই ক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ লবলৈ চৌধুৰীয়ে আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীত আপৰ বহুকেইগৰাকী ৰাজ্যিক নেতাৰ উপৰি গুৱাহাটী মহানগৰ কমিটিৰ নেতৃবৃন্দয়ো অংশগ্ৰহণ কৰে।


0 Comments:
Post a Comment