গুৱাহাটী,২০ জুন : দায়িত্ব পোৱাৰ পিছতে আজি মন্ত্ৰী কেশৱ মহন্তই দিছপুৰৰ জনতা ভৱনত পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ অন্তৰ্গত পৰিবহণ আয়ুক্তালয়, আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ জ্যেষ্ঠ বিষয়াসকলে বিষয়াসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত নতুনকৈ দায়িত্ব পোৱা পৰিবহন মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লয়। লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ শাখাসমূহৰ আভ্যন্তৰীণ গাঁথনি, ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া তথা নিয়মীয়া কাজ-কাজ আদিৰ বুজ লৈ বিষয়াসকলক কৰ সংগ্ৰহৰ ক্ষেত্ৰত জনসাধাৰণ যাতে বিশেষ কোনো অসুবিধাত নপৰে, সেই বিষয়ে যথাসম্ভৱ নজৰ ৰাখিবলৈ দিহা দিয়ে। যাত্ৰীৰ নিৰাপত্তাৰ দিশটোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়াৰো মন্ত্ৰীগৰাকীয়ে পোষকতা কৰে। ৰাজ্যখনত পৰিবহন তথা যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যা বিষয়ক ওজৰ-আপত্তিৰ ক্ষীপ্ৰতাৰে যথোচিত ভাৱে নিৰসনৰ প্ৰয়াস চলাবলৈও বিভাগীয় বিষয়াসকলক বৈঠকত পৰিবহন মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকখনত পৰিবহণ বিভাগৰ সচিব আদিল খান, পৰিবহণ আয়ুক্ত অংকুৰ জৈনৰ উপৰি পৰিবহন বিভাগৰ অতিৰিক্ত সচিব গৌৰৱ উপাধ্যায়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক চিন্ময় ফুকন, পৰিবহন বিভাগৰ যুটীয়া সচিব সুস্মিতা কাকতি, বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, পৰিবহন উপ আয়ুক্ত ভাস্কৰজ্যোতি দত্ত, সহকাৰী পৰিবহন আয়ুক্ত সিদ্ধাৰ্থ শইকীয়া, জিলা পৰিবহন বিষয়া (মুখ্য আয়ুক্তালয়) দীপাঞ্জলী বৰা আৰু কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া তাছমিন আফতাৱে অংশ গ্ৰহণ কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে পৰিবহণ বিভাগৰ দায়িত্বত আছিল পৰিমল শুক্লবৈদ্য। পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হৈ দিল্লীলৈ যোৱাৰ পিছত তেওঁৰ দায়িত্বত থকা পৰিবহণ বিভাগৰ উপৰি মীন বিভাগ আৰু আৱকাৰী বিভাগৰ দায়িত্ব শেহতীয়াকৈ কেশৱ মহন্তক দিয়া হয়। তিনিটাকৈ নতুন বিভাগৰ দায়িত্ব লাভ কৰিলেও দুটাকৈ বিভাগৰ দায়িত্ব কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ লগতে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হয়। এই বিভাগ দুটাৰ দায়িত্ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ অধীনলৈ আনে।

0 Comments:
Post a Comment