গুৱাহাটীত ভূমিস্খলনে পুনৰ প্ৰাণ ল'লে এজন ছাত্রৰ



গুৱাহাটী৩ জুন : গুৱাহাটী মহানগৰীত ভূমিস্খলনত পুনৰ প্ৰাণ গ'ল এজন ছাত্রৰ। ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। কৃত্রিম বানৰ লগতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। মহানগৰীৰ কটাহবাৰী সংঘটিত হৈছে শোকাৱহ ঘটনা। নিশা অহা মুষলধাৰ বৰষুণৰ পিছতে মহানগৰীৰ কটাহবাৰীৰ নিজৰাপাৰাত সংঘটিত হৈছে এই ঘটনা। ভূমিস্খলনত শোৱাপাটীতে মৃত্যু হয় অষ্টম শ্ৰেণীৰ এজন ছাত্ৰ। মৃত্যু হোৱা ছাত্ৰ জনৰ নাম চাহিল হুচেইন। মৃত চাহিল হুচেইনৰ মাতৃয়ে প্ৰকাশ কৰা অনুসৰি পুৱা শুই উঠি স্কুললৈ নাযাও বুলি পুনৰ শুই আছিল চাহিল হুচেইন। তাৰ কিছুসময়ৰ পিছতে কাষতে থকা গাৰ্ড ৱাল খহি হেঁচা মাৰি ধৰে ছাত্রজনক। এই ঘটনাৰ পিছতে ছাত্ৰ জনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ্য যে দুদিন পুৰ্বেও মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হৈছিল অনুৰূপ ঘটনা। পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰত শুই থকা অৱস্থাত গছ পৰি মৃত্যু হৈছিল মিন্টু তালুকদাৰ নামৰ এজন ২০ বছৰীয়া যুৱকৰ। আনহাতে কাহিলিপাৰাতো দেৱাল খহি মৃত্যু হৈছিল এটি শিশুৰ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment