ঢকুৱাখনাৰ সুনিল গগৈৰ হত্যাকাণ্ডৰ নতুন মোৰ : ডি এন এ ৰিপৰ্টত ভয়ংকৰ তথ্য


লখিমপুৰ,১৮ জুন : ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ সুনিল গগৈৰ হত্যাকাণ্ডই সম্প্ৰতি নতুন মোৰ লৈছে। আজি লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে নিশা সংবাদমেলত এক ভয়ংকৰ তথ্য প্ৰকাশ কৰে। তেওঁ কয় -'১ জুনৰ নিশা আচলতে হত্যাৰ বলি হোৱা মৃতদেহটো সুনিল গগৈৰ নাছিল। সেই মৃতদেহটো সুনিল গগৈৰ লগত মিস্ত্ৰী হিচাপে কাম কৰা ধুবুৰীৰ জাহাংগীৰ হুছেইনৰহে। হায়দৰাবাদৰ লেবৰেটৰীত পৰীক্ষা কৰা ডি এন এ ৰিপৰ্টত এই কথা পোহৰলৈ আহিছে যে উক্ত মৃতদেহটো সুনিল গগৈৰ নহয় জাহাংগীৰৰহে। জাহাংগীৰ হুছেইনৰ ভাতৃ জাহিদুলৰ তেজৰ নমুনা আৰু ঢকুৱাখনাত সেই নিশা জ্বলাই দিয়া মৃতদেহৰ পৰা সংগ্ৰহ কৰা মাংসপিণ্ড, হাড়ৰ লগত জাহাংগীৰৰ মিল আছে৷ একেদৰে তেতিয়াই সুনিল গগৈৰ পৰিয়ালৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনা আৰু সেই নিশা জ্বলাই দিয়া মৃতদেহৰ ডি এন এ পৰীক্ষাত কোনো সাদৃশ্য পোৱা নগ’ল৷' আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি উক্ত হত্যাকাণ্ডৰ লগত বীমা ধনৰ বিষয় জড়িত হৈ আছে। ডি এন এ ৰিপৰ্ট লখিমপুৰ আহি পোৱাৰ পিছত আৰক্ষী অধীক্ষকগৰাকীয়ে আনুষ্ঠানিকভাৱে সন্ধিয়া ৭ বজাত সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰে যে জল জীৱন মিছনৰ মিস্ত্ৰী তথা সুনিল গগৈৰ অধীনত কাম কৰা ধুবুৰীৰ জাহাংগীৰ হুছেইন ৩০ মে’ৰ পৰা সন্ধানহীন হৈ আছিল। সেইদিনা সুনিল গগৈয়ে ধেমাজিলৈ যোৱাৰ পথত নিজৰ গাড়ীৰ পৰা জাহাংগীৰক পথত নমাই দিছিল আৰু তেতিয়াৰে পৰা জাহাংগীৰ সন্ধানহীন হৈ আছে। সুনিল গগৈয়ে যোৱা এপ্ৰিল আৰু মে' মাহত ৪১ লাখ টকাৰ বীমা কৰিছিল আৰু তাত নমিনী হিচাপে তেওঁৰ পত্নী পুষ্পা গগৈৰ নাম সন্নিবিষ্ট কৰিছিল৷ আৰক্ষী বিষয়াগৰাকীয়ে আজি সুনিল গগৈ আৰু তেওঁৰ পত্নী পৰিয়ালৰ বিৰুদ্ধে এক নতুন গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰা বুলি সংবাদমেলত সদৰি কৰে৷ সুনীল গগৈৰ লগতে তেওঁৰ পৰিয়ালে এই ঘটনাক লৈ সম্পূৰ্ণ নাটক ৰচাৰ লগতে সুনিল গগৈয়েই জাহাংগীৰৰ সন্দেহযুক্ত হত্যাকাৰী বুলি ব্যক্ত কৰে৷ সুনিল গগৈক আৰক্ষীয়ে পলাতক ঘোষণা কৰি তেওঁৰ সম্ভেদ দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰে৷ ইতিমধ্যে সুনিল গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ লগতে উক্ত ঘটনাটোক কৌশলেৰে সুনিল গগৈ আৰু পৰিয়ালে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে বুলি কয়৷ তদন্তত এই সকলো কথা পোহৰলৈ আহিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ লক্ষণীয় কথা যে ১ জুনত ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে সেই স্থানৰ পৰা এযোৰ চেণ্ডেল, এডাল লাঠি, এটা টৰ্চ লাইট, এখন চোকা দা, সুনিল গগৈয়ে পিন্ধি থকা এটা জাৰ্চি উদ্ধাৰ কৰিছিল৷ সেই নিশা জ্বলাই দিয়া মৃতহেদটো ইমানেই জ্বলি গৈছিল যে তাক চিনাক্ত কৰাত জটিলতা আহি পৰিছিল৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বিষয়ৰ লগত সুনিল গগৈৰ হত্যাৰ কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই বুলি আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰৰ এটা গোটে গুৱাহাটীত কাৰ্যবাহী অভিযন্তাজনে উৎকোচ লওঁতে দুৰ্নীতি নিবাৰক শাখাৰ জড়িয়তে বিষয়াজনক ধৰাই দিছিল৷ তেতিয়াৰে পৰা ৰাইজৰ মাজত চৰ্চা চলি আছিল যে সুনিল গগৈয়ে জয়ন্ত গোস্বামীক আৰক্ষীৰ হাতত ধৰাই দিছিল আৰু তাৰ ফলস্বৰূপেই কোনো লোকে সুনিল গগৈক ঢকুৱাখনাত হত্যা কৰি জ্বলাই দিছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment