চাৰ্ভিচ পিষ্টলৰে গুলীয়াই আত্মহত্যা গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াৰ


গুৱাহাটী, ১৮ জুন : গুৱাহাটী মহানগৰীত আজি সংঘটিত হৈছে  এক মৰ্মমান্তিক ঘটনা। পত্নীৰ মৃত্যুৰ কিছুসময়ৰ পিছতেই হাস্পতালত নিজৰ চাৰ্ভিচ পিষ্টলৰে আত্মহত্যা কৰিলে ৰাজ্যৰ গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই। নেমকেয়াৰ হাস্পতালৰ আই চি ইউৰ ভিতৰত আত্মহত্যা কৰে গৃহ সচিব গৰাকীয়ে।  কৰ্কট ৰোগত আক্ৰান্ত হৈ শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰবৰুৱা বিগত দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল। বিগত তিনিদিন ধৰি পত্নীৰ অৱস্থা সংকটজনক হৈ আছিল। আজি আবেলি ৪.৩০ বজাত পত্নীৰ মৃত্যুৰ হয়। তেওঁ সেই সময়ত আই চি ইউৰ ভিতৰত থকা চিকিৎক আৰু নাৰ্চক বাহিৰলৈ ওলাই আহিবলৈ কয়। তেওঁ কৈছিল যে তেওঁ প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনা কৰিম বুলি কোৱাত বাহিৰলৈ ওলাই আহিছিল চিকিৎসক আৰু নাৰ্চ। প্ৰাৰ্থনা কৰিম বুলি কৈ সকলো ওলাই যোৱাৰ পাছত তেওঁ নিজৰ চাৰ্ভিচ পিষ্টলেৰে মূৰৰ পিছফালে গুলীয়াই। হঠাৎ প্ৰচণ্ড শব্দ হোৱাত চিকিৎসক আৰু নাৰ্চ আই চি ইউৰ কোঠালৈ যায় যদিও তেওঁ পৰি থকা দেখা পায় আৰু বচাবলৈ চেষ্টা কৰা হয় যদিও তেওঁৰ মৃত্যু হয়। ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এছ লৈ প্ৰেৰণ কৰা হৈছে। পত্নীৰ মৃতদেহ নেমকেয়াৰ হাস্পতালতৰ মৰ্গত ৰখা হৈছে। কাইলৈ দুয়ো স্বামী-স্ত্ৰীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment