তিনিচুকীয়াৰ বাৰেকুৰীত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ সবল পদক্ষেপ, প্ৰশংসা ডঃ দিব্যজ্যোতি শইকীয়াৰ


তিনিচুকীয়া,১৭ জুন : অসম আৰক্ষীৰ ব্যাপক অভিযানৰ পাছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ অবাধ প্ৰচলন। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো ইয়াৰ কুপ্ৰভাৱে এটা প্ৰজন্মক নিঃশেষ কৰাৰ দিশে অগ্ৰসৰ হৈছে। অসমৰ বিভিন্ন অঞ্চলৰ লগতে তিনিচুকীয়া জিলাত সময়ে সময়ে চৰকাৰ প্ৰশাসনে  ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালভাৱে বিভিন্ন সংস্থা তথা সংগঠনে ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়াস কৰি আহিছে যদিও আশানুৰূপ সু-ফল পৰিলক্ষিত হোৱা নাছিল। কিন্তু একঘেয়ামি কাৰ্যসূচী সমূহৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ পৰা অসমৰ যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত  বিভিন্ন সংগঠনৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত কেইবালানি ড্ৰাগছ বিৰোধী অভিযান, সজাগতা সভা, কৰ্মশালা আদি কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। এই কাৰ্যসূচীসমূহত ড০ শইকীয়াই বিনামূলীয়াকৈ প্ৰেৰনাত্মক বক্তব্যৰ দ্বাৰা এক জন জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বিগত ফ্ৰেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰায় মাহজোৰা এলানি ড্ৰাগছ বিৰোধী জনজাৰণ প্ৰেৰণাত্মক কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰৱৰ্তী পৰ্যায়ত তিনিচুকীয়াৰ বৃহত্তৰ বাৰেকুৰী অঞ্চলৰ লোক ডঃ শইকীয়াৰ প্ৰেৰনাত্মক বক্তব্যত উৎসাহিত হৈ অঞ্চলটোৰ শ শ লোক ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহি ড্ৰাগছ সেৱন কৰা আঠ জনকৈ যুৱকক নিচা মুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে স্থানীয় ড্ৰগছৰ ব্যৱসায়ৰ লগত জড়িত লোকক সতৰ্কবাণী প্ৰদান কৰি সামাজিকভাবে ব্যৱস্থা গ্ৰহণৰ বাবে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰি বৰ্তমান ড্ৰাগছ নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। এই কাৰ্য্যক আদৰণি জনোৱাৰ লগতে ডঃ শইকীয়াই দেওবাৰে হঠাৎ তিনিচুকীয়াত উপস্থিত হৈ বাৰেকুৰিবাসীক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। তিনিচুকীয়াত উপস্থিত হৈ বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে কয় যে ড্ৰাগছ বিৰোধী যুঁজখনত য'ত কিঞ্চিৎ সফল হোৱাত তেওঁ পুনৰ কাম কৰিবলৈ মানসিক শক্তি লাভ কৰিছে। সেয়ে শীঘ্ৰে পুনৰ তিনিচুকীয়ালৈ আহি তেওঁ ড্ৰাগছৰ বিৰূদ্ধে অভিযান চলাব বুলি উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment