লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ ব্যাপক বেদখল
লখিমপুৰ,২০ জুন : অসম অৰুণাচল সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ ব্যাপক বে-দখলে সীমান্তৱৰ্তী ৰাইজক আতংকিত কৰি তুলিছে৷ বনাঞ্চলখনৰ ৰামপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বেল’বস্তি আৰু ২নং বেল’বস্তিত শেহতীয়াকৈ অৰুণাচলীয়ে বৃহৎ এলেকা দখল কৰি অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত একলেণ্ড নিৰ্মাণৰ লগতে গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াই সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক চিন্তিত কৰি তুলিছে৷ এই ক্ষেত্ৰত অৰুণাচলীয়ে দোপত দোপে অসমৰ ভূমি বেদখলত নামিছে যদিও অসমৰ লখিমপুৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ লগতে স্থানীয় বনাঞ্চলিক বিষয়াই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত সীমান্তৱৰ্তী এলেকাৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে৷ অৰুণাচলীয়ে উক্ত এলেকাত পথ নিৰ্মাণৰ সমান্তৰালকৈ একলেণ্ড স্থাপনৰ বাবে বৃহৎ বৃহৎ এলেকা জেচিবি লগাই বেৰা মৰা সমান্তৰালকৈ গৃহ নিৰ্মাণত নামি পৰিছে৷ উল্লেখ যে বিগত ২০২৩ বৰ্ষত উক্ত এলেকাত অৰুণাচলীয়ে পুলি বাগান নিঃশেষ কৰাৰ উপৰিও অসমৰ বন বিভাগৰ ওপৰত আক্ৰমন চলাইছিল৷ অৰুণাচলীৰ এই আগ্ৰাসন আৰু বেদখল লখিমপুৰ জিলা প্ৰাশাসনে সেই সময়ত বন্ধ কৰিছিল যদিও চলিত বৰ্ষত পুনৰ উক্ত বনাঞ্চলৰ ভূমিতেই অৰুণাচলীয়ে আহি ঘৰ নিৰ্মাণ, পথ নিৰ্মাণ আৰু ৰামপুৰ দেউৰী জে এফ এম চিৰ সহযোগত নিৰ্মাণ কৰা বনানিকৰণৰ ভূমিৰ ফেন্সিং বেৰা, ভাঙি পেলোৱা ঘটনাই সীমান্তৱৰ্তী এলেকাৰ পৰিস্থিতি উতেতেজনাপূৰ্ণ কৰি তুলিছে৷ উল্লেখ যে বিগত কেইদিনমানৰ পূৰ্বে অৰুণাচলীয়ে আচম্বিতে আহি এনেদৰে ফেন্সিং উভালি পেলোৱাৰ পাছতো তাৎপৰ্যপূৰ্ণ ভাৱে স্থানীয় ৰামপুৰ খণ্ড বন বিষয়া, হাৰমতী আঞ্চলিক বন বিষয়া আৰু লখিমপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াই বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত সম্প্ৰতি লকাম ট’লু নামৰ অৰুণাচলীয়ে অৰুণাচল চৰকাৰৰ সহযোগিতাত কৌশলগত ভাৱে অসমৰ ভূমি অৰুণাচলৰ বুলি ভুৱাকৈ নথি পত্ৰ উলিয়াই পূৰ্ণ গতিত একলেণ্ড নিৰ্মাণৰ কাম চলাইছে৷ স্থানীয় ৰাইজৰ অভিযোগ- অৰুণাচলী বে-দখলকাৰী লকাম ট’লুৰ লগত লখিমপুৰ জিলা বন প্ৰাধিকাৰীৰ বিষয়াৰ গোপন বুজা-বুজি থকাৰ বাবেই ৰামপুৰ দেউৰী জে এফ এম চি বনানিকৰণৰ চৌহদ বেৰা জে চিবি লগাই ভাঙি দিয়াৰ স্বত্বেও বন বিভাগে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ইয়াৰে সুযোগ বুজি লকাম ট’লুৰ বহু অনুগামীয়ে অঞ্চলটোত নতুনকৈ গৃহ নিৰ্মাণ, পথ নিৰ্মাণ কৰিবলৈ গৈ অসমৰ সংৰক্ষিত বনাঞ্চলৰ গছ-বন কাটি খাস্তাং কৰিছে৷ ৰাইজৰ মতে অঞ্চলটোত অৰুণাচলীৰ অবাধ বেদখলৰ প্ৰসংগত বাৰম্বাৰ জিলা উপায়ুক্ত, স্থানীয় বিধায়ক আৰু বন বিভাগক অৱগত কৰা স্বত্বেও কোনো গুৰুত্ব নিদিয়াত অৰুণাচলীয়ে এতিয়া ৰামপুৰ দেউৰী গাঁও পৰ্যন্ত অৰুণাচলৰ সীমা বুলি দাবী কৰি বে-দখলত নামিছে৷ শেহতীয়াকৈ অৰুণাচলীয়ে স্থানীয় ৰাইজৰ প্ৰতিবাদৰ বাবে দিনৰ ভাগত কাম কৰা বন্ধ কৰিছে যদিও ৰামপুৰ বনখণ্ড কাৰ্যালয়ৰ সমীপতে নিশাৰ ভাগত জেচিবি লগাই বন ভূমি নিঃশেষ কৰাত নামিছে৷ লক্ষণীয় ভাৱে অৰুণাচলী লকাম ট’লুৱে অসমৰ সীমান্তৱৰ্তী এলেকাৰ ৰাইজৰ জ্ঞাত হোৱাকৈ লখিমপুৰৰ বন প্ৰাধিকাৰী বিষয়াৰ লগত তেওঁৰ বুজাবুজি থকা সূত্ৰেই তেওঁ কামত আগবাঢ়িছে৷ ইফালে অৰুণাচলীয়ে অসমৰ ভূমি অবাধে বেদখল কৰি আগবাঢ়ি আহি থকাৰ সময়চোৱাত অৰুণাচলীক প্ৰতিৰোধ কৰাৰ বাবে পদক্ষেপ লোৱাৰ বিপৰীতে অসমৰ সীমান্তৱৰ্তী এলেকাত বসবাস কৰা একাংশ স্থানীয় একাংশ লোককহে উক্ত স্থান এৰি যাবলৈ জাননী দিয়াত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে অৰুণাচলীৰ এই আগ্ৰাসন ৰোধৰ বাবে লখিমপুৰ জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ অন্যথা সীমান্তৱৰ্তী অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।


0 Comments:
Post a Comment