ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ডত চলিল উচ্ছেদ অভিযান



লখিমপুৰ,২৭ জুন : অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ড অৱশেষত আজি অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হয়৷ বুধবাৰে অসমৰ বিশাল সুৰক্ষা বাহিনীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমি বে-দখল কৰি অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ডত উচ্ছেদ চলাবলৈ গৈছিল যদিও উচ্ছেদ অভিযান চলাব নোৱাৰি সন্ধিয়া ঘূৰি আহিবলৈ বাধ্য হৈছিল৷ অৱশ্যে দুয়োখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াৰ আলোচনা মৰ্মে আজি অৰুণাচল প্ৰশাসনে লখিমপুৰ জিলা প্ৰশাসনৰ উপস্থিতিত ২ নং বেলবস্তিত নিৰ্মীয়মান এক’লেণ্ডত উচ্ছেদ অভিযান চলাই ভাঙি দিয়ে৷ বিগত কেবাদিন ধৰি তীব্ৰ চৰ্চাত থকা ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমিত অৰুণাচলীয়ে এক’লেণ্ড নিৰ্মাণ কৰাৰ কথা সত্যত পৰিণত কৰি আজি এনেদৰে অৰুণাচল প্ৰশাসনে সেই নিৰ্মাণ কাৰ্য ভাঙি দিবলৈ বাধ্য হয়৷ অসমৰ তথা লখিমপুৰ জিলা প্ৰশাসনৰ ভালেকেইজন বিষয়া ৰামপুৰ বগীবিলৰ সেই অৰুণাচলী বেদখল স্থানত উপস্থিত হোৱাৰ সময়ত অৰুণাচলী লোকৰ পৰা অপদস্থ হৈ আহিছিল৷ লখিমপুৰৰ বন বিভাগৰ অস্তিত্বত নস্যাৎ কৰি অৰুণাচলীয়ে অসমৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে নিৰ্মাণ কাৰ্য চলাই অহাক লৈ সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈ আহিছে৷ যাক লৈ স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ইফালে অৰুণাচলীয়ে অসমৰ ভূমিত এনেদৰে বে-দখল চলাই বিভিন্ন নিৰ্মাণ কাৰ্য চলোৱা সন্দৰ্ভত লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ ভূমিকা মুঠেই সন্তোষজনক নহয়৷ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে পকী ঘৰ আৰু পথ কেৱল এদিনতে নিৰ্মাণ কৰা নাই৷ তদুপৰি উক্ত স্থানত লখিমপুৰৰ বন বিভাগে স্থাপন কৰা বনানিকৰণ আঁচনিৰ ফেঞ্চিং অৰুণাচলীয়ে উঠাই নিয়াৰ পিছতো কিয় লখিমপুৰ প্ৰশাসনে তথা বন বিভাগে ব্যৱস্থা লোৱা নাই সেয়াও ৰহস্যজনক।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment