লখিমপুৰৰ সোৱণশিৰিত বজ্ৰপাতত ১৭ টা গৰুৰ মৃত্যু
লখিমপুৰ,২৭ জুন : লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোৱণশিৰিৰ বালি চাপৰিত বজ্ৰপাতত মুঠ ১৭ টা গো-ধনৰ মৃত্যু হয়। ইয়াকে লৈ নৈপৰীয়া কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণি মতে সোৱণশিৰিৰ বালি চাপৰি গাঁৱৰ ৰাইজে প্ৰতিটো দিনে শ শ গৰুকে ধৰি নিজৰ অন্য পোহনীয়া জন্তুসমূহ খাদ্যৰ বাবে সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়ে। আজিও পোহনীয়া জন্তুসমূহ সোৱণশিৰি নদীৰ চাপৰিত এৰি দিয়া হৈছিল ৷ কিন্তু দিনৰ প্ৰায় ১ বজাত হোৱা তীব্ৰ বজ্ৰপাতত মুঠ ১৭ টা গো-ধনৰ মৃত্যু হয়। বজ্ৰপাতৰ গতি ইমানেই ভয়ংকৰ আছিল যে প্ৰতিটো বজ্ৰপাততে তিনি-চাৰিটাকৈ গো-ধনে নিথৰভাৱে মৃত্যুক সাৱতি ল’ব লগা হয়। চকুৰ সন্মুখতে এটাৰ পিছত আন এটা গো-ধনৰ আকস্মিক মৃত্যু দেখি গৰখীয়াসকল নিৰ্বাক-নিস্পন্দন হৈ পৰে ৷ একেদৰে নিজৰ মৰমৰ পোহনীয়া গো-ধনবোৰ বজ্ৰপাতত মৃত্যু হোৱা দেখি গো-ধনৰ মালিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ উল্লেখ্য যে সম্প্ৰতি কৃষিকৰ্মত আধুনিক যন্ত্ৰপাতিয়ে কৃষিকৰ্মৰ দ্ৰুত কৰি তুলিলেও সোৱণশিৰিপৰীয়া কৃষিজীৱি ৰাইজৰ বাবে পোহনীয়া জীৱ-জন্তুৱে জীৱন-জীৱিকাৰ মূল সম্বল ৷ এনে পৰিপ্ৰেক্ষিতত একেদিনাই ১৭ টাকৈ গো-ধনৰ মৃত্যৱে সোৱণশিৰিপৰীয়া কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে।

0 Comments:
Post a Comment