নাৰী নিৰ্যাতনৰ বিৰুদ্ধে লখিমপুৰত জাগৃত নাৰী শক্তিৰ উত্তাল প্ৰতিবাদ
লখিমপুৰ,২১ জুন : নাৰী নিৰ্যাতন, নাৰী হত্যা আদি বিভিন্ন অসামাজিক কাৰ্যৰ বিৰুদ্ধে আজি জাগ্ৰত নাৰী শক্তিয়ে আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে বিশেষকৈ নাওবৈচাত সংঘটিত অসামাজিক কাম কাজৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নাওবৈছাৰ গীতাশ্রী দত্তক হত্যা কৰা ঘটনাৰ লগত জড়িত থকা লোকক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। উল্লেখ যে আজি সংগঠনটোৱে এই সন্দৰ্ভত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে গীতাশ্ৰীৰ স্বামীৰ বৌয়েক জ্যোতিমনি শইকীয়া হাজৰিকাৰ ওপৰতো সন্দেহ প্রকাশ কৰি জিলা আয়ুক্ত গোচৰ দিয়ে জাগৃত নাৰী শক্তীয়ে। গীতাশ্ৰী দত্ত, কুহি গগৈ, তৰালী কোচ, জোনাকী বৰা, দেৱলীনা সোণোৱাল, অৱন্তি দাস, পংখী সন্দিকৈৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে।

0 Comments:
Post a Comment