চীনৰ বেইজিঙৰ আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অসমীয়া শিল্পীৰ চিত্ৰ প্ৰদৰ্শন


 লখিমপুৰ,২১ জুন : চীনৰ  ৰাজধানী বেইজিং চহৰৰ গোৱছোৱাং আৰ্ট মিউজিয়ামৰ উদ্যোগত ৭ জুনৰ পৰা ২৬ জুলাইলৈ আয়োজন কৰা দুমাহজোৰা আন্তঃৰাষ্টীয় শিল্পকলা প্ৰদৰ্শনীলৈ আমন্ত্ৰিত অসমৰ তিনি চিত্ৰশিল্পীৰ চিত্ৰই চিত্ৰৰসিকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই চিত্ৰ প্ৰদৰ্শনীত গুৱাহাটীৰ চিত্ৰশিল্পী মিন্তু ডেকা, যোৰহাটৰ পৰেশ শইকীয়া আৰু লখিমপুৰৰ  পৰেশ ভূঞাৰ কেনভাচত অকাঁ এক্ৰিলিক আৰু পানী ৰঙৰ বিমূৰ্ত চিত্ৰসমূহে চীনা দৰ্শকৰ উচ্চ প্ৰশংসা লাভ কৰিছে। বেইজিংস্থিত ভাৰতীয়    উপ মূখ্য ৰাষ্ট্ৰদূত অভিষেক শুক্লাই  এগচি বন্তি প্ৰজ্বলনেৰে প্ৰদৰ্শনীখনি আনুষ্ঠানিক ভাবে দৰ্শকৰ বাবে মুকলি কৰে। প্ৰদৰ্শনী উদ্বোধনত সহযোগ কৰে চীনৰ প্ৰখ্যাত চিত্ৰশিল্পী ৱংঝং আৰু প্ৰখ্যাত ভাষ্কৰ প্ৰফেচৰ শ্বেন হংবিয়াৱয়ে। প্ৰদৰ্শনীখনীৰ উদ্যোক্তা গোৱছোৱাং আৰ্ট মিউজিয়ামৰ প্ৰতিস্থাপক ড০ গুৰজিন্দাৰ কৌৰ আৰু ভৰত সিংহই চিত্ৰ প্ৰদৰ্শনীখনিৰ  আদৰণি ভাষণ প্ৰদান কৰে। প্ৰদৰ্শনীখনিৰ উদ্বোধনী অনুষ্ঠানত এছ এম ডি ফাউণ্ডেচনৰ আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক মিন্টু ডেকাই ভাৰতীয় দূতাবাস, গোৱছোৱাং মিউজিয়াম কতৃপক্ষ, উপস্থিত শিল্লী তথা দৰ্শক,  সাংবাদিকক উদ্দ্যেশি শলাগনি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শিল্পীসকলে নিজ নিজ শিল্পকৰ্মসমূহৰ সন্দৰ্ভত  ব্যাখ্যা আগবঢ়ায় । উল্লেখযোগ্য যে প্ৰদৰ্শনী অনুষ্ঠিত মিউজিয়ামটোৱে অংশগ্ৰহণকাৰী সকলো শিল্পীৰে একোখনকৈ চিত্ৰ সংগ্ৰহ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment