লখিমপুৰত দশম যোগ দিৱসৰ অনুস্থানত মন্ত্ৰী পীযুষ হাজৰিকা : বাধাকৰাত বুজ ল'লে সোৱণশিৰি নদীৰ খহনীয়াৰ
লখিমপুৰ,২১ জুনঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ইন্দ'ৰ ষ্টেডিয়ামত জিলাভিত্তিত আয়োজিত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলাখনৰ বহুকেইটা সামাজিক অনুষ্ঠানৰ সদস্যৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিধায়ক মানৱ ডেকাৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাই যোগাসনত অংশ লয়। অনুষ্ঠানত চমু বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে যোগক মানৱ সমাজলৈ প্ৰাচীন ভাৰতীয় সভ্যতাৰ এক অমূল্য অৱদান বুলি অভিহিত কৰে। আনহাতে নিয়মিত যোগ সাধনৰ জড়িয়তে আমি শাৰিৰীক আৰু মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে শৃংখলিত জীৱন এটা লাভ কৰো বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি লখিমপুৰ নগৰতে অৱস্থিত উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় । নিজৰ ছাত্ৰ জীৱনৰ বিভিন্ন কথা সোঁৱৰি মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে দেশৰ সুনাগৰিক হোৱাৰ উদ্দেশ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিশেষকৈ বৃত্তিমূলক শিক্ষাৰে শিক্ষিত হৈ দেশ সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। পৰৱৰ্তী সময়ত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বাধাকৰা নামৰ স্থানত উপস্থিত হৈ সোৱণশিৰি নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলৰ বুজ লয় । বাধাকৰা অঞ্চলত ইতিমধ্যেই জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে কিছু কাম কৰাৰ বিপৰীতে এন এইছ পি চি য়েও খহনীয়া ৰোধৰ কাম সোনকালেই হাতত ল'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে বিভাগে এই বৰ্ষত প্ৰায় ১২০০ মিটাৰ দৈৰ্ঘ্য অংশত খহনীয়া ৰোধৰ স্থায়ী কাম হাতত ল'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । একে সময়তে বাৰিষাৰ সময়খিনিত স্পৰ্শকাতৰ অংশসমূহ বাচনি কৰি প্ৰয়োজন সাপেক্ষে জৰুৰী কাম হাতত ল'বলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশনা দিয়ে। লগতে আজি মন্ত্ৰী পীযুষ হাজৰীকাই সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ সৈতে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বান আৰু খহনীয়া বিষয়ত এখন বিভাগীয় পৰ্যালোচনা বৈঠক সম্বোধন কৰে । মন্ত্ৰীগৰাকীয়ে বাৰিষাৰ সময়খিনিত বিভাগীয় অভিযন্তাসকলক সজাগ হৈ থাকি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। লগতে বাৰিষাৰ সময়ত জৰুৰীকালীন বান আৰু খহনীয়া ৰোধৰ কামৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী পৰ্যাপ্ত পৰিমাণে জিলাখনত মজুত ৰখাৰ ব্যৱস্থা ল'বলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে।


0 Comments:
Post a Comment