নলবাৰীৰ পেপছি ইণ্ডিয়া প্ৰকল্প পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ



নিউজ ডেক্স,২৭জুন : উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি নলবাৰী জিলাৰ বানেকুছিত ৭৭৮ কোটি টকা বিনিয়োগেৰে নিৰ্মীয়মান বহু প্ৰত্যাশিত  পেপছিকো প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পটো পৰিদৰ্শন কৰে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ সহজ আৰু উন্নত বাণিজ্যিক তথা উদ্যোগ নীতিৰ বাবে জিলাখনত স্থাপিত বৃহৎ উদ্যোগটোৱে জিলাখনৰ শিল্প উদ্যোগ ক্ষেত্র খনত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি উদ্যোগ মন্ত্ৰী বড়াই পৰিদৰ্শন কালত মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে পেপছিৰ এই উদ্যোগটোৱে  যথেষ্ট সংখ্যক প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে কৃষিখণ্ডও বিশেষভাৱে উপকৃত কৰিব। বিভিন্ন খাদ্য সামগ্রী উৎপাদিত হ'ব লগা এই সেউজ পথাৰ প্ৰকল্পটোৰ কাম ৩০শতাংশ অগ্ৰগতি লাভ কৰিছে। এই প্ৰকল্পটোত উৎপাদিত হ'ব লগা চিপছৰ বাবে প্ৰয়োজনীয় আলু উৎপাদনৰ বাবে বহুজাতিক কোম্পানীটোৱে স্থানীয় কৃষক সকলক সহায় আগবঢ়াব।নলবাৰীত অনুস্থিত কেবিনেট বৈঠকৰ পাছতে বানেকুছিৰ প্ৰকল্প স্থলীত উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে পেপছিকোৰ বিষয়া সকলৰে প্ৰকল্পটোৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকতো মিলিত হয়। আজিৰ এই পৰ্যালোচনাত নিৰ্মাণ কাৰ্য্যৰ স্থিতি বুজ লোৱাৰ লগতে, যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত উদ্যোগ বিভাগৰ তৰফৰ পৰা সহায় আগবঢ়োৱা  হ'ব বুলিও পেপছিকোৰ বিষয়াসকলক তেওঁআশ্বাস প্ৰদান কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment