জি এছ টি সন্দৰ্ভত ব্যৱসায়ী সন্থাৰে বৈঠক মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ



তেজপুৰ,১ জুলাই :  ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক লৈ গঠিত কেবিনেট সমিতিয়ে আজি তেজপুৰ অভিৱৰ্তন কেন্দ্ৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বিষয়ত মধ্য অসমৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে এক বাৰ্তালাপত অংশগ্ৰহণ কৰে। ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক পৰামৰ্শমূলক আলোচনাৰ এয়া আছিল তৃতীয়খন বৈঠক। অনুষ্ঠানত বাণিজ্য সংস্থাসমূহৰ প্ৰতিনিধিসকলে জিএছটিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা মন্ত্ৰীদ্বয়ক অৱগত কৰাৰ লগতে কৰ পৰিশোধ ব্যৱস্থা সৰলীকৰণ কৰাকে ধৰি বিভিন্নধৰণৰ পৰামৰ্শ প্ৰদান কৰে। নিজৰ বক্তব্যত মন্ত্ৰী সিংহলে কয় যে কৰদাতাসকলৰ স্বাৰ্থ সুৰক্ষা বৰ্তমানৰ চৰকাৰখনৰ বাবে সদায়েই অগ্ৰাধিকাৰৰ বিষয়। ৰাজ্য চৰকাৰ সদায়েই ব্যৱসায়ী সকলৰ লগত আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ব্যৱসায়ীসকলে কৰ পৰিশোধকে ধৰি বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ কাৰ্যকৰীভাৱে দূৰ কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। ৰাজ্যৰ ব্যৱসায়ী সমাজৰ লাভালাভৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জিএছটি প্ৰৱৰ্তন কৰা হৈছিল। অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ এখন হিচাপে গঢ় দিবলৈ হ'লে ব্যৱসায়ীসকলক লগত লৈ আগবাঢ়িবই লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তৃণমূল স্তৰলৈ গৈ ব্যৱসায়-বাণিজ্য সংস্থাসমূহৰ সৈতে কেবিনেট পৰ্যায়ৰ আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰা অসমেই হৈছে দেশৰ প্ৰথমখন ৰাজ্য। ব্যৱসায়ী সমাজে আগবঢ়োৱা পৰামৰ্শ আৰু মতামতসমূহ অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে অংশগ্ৰহণকাৰী জিলাকেইখনৰ ব্যৱসায়ী সমাজৰ অৰিহণাৰ শলাগ লয়। উল্লেখযোগ্য যে জিএছটিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ আশংকা দূৰ কৰিবলৈ তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু শিলচৰত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰি এমাহৰ ভিতৰত মন্ত্ৰীদ্বয়ে প্রতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত বিধায়কসকল ক্ৰমে পৃথ্বীৰাজ ৰাভা, প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু কৃষ্ণ কমল তাঁতী, ৰাজ্যিক মুখ্য কৰ আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকলৰ লগতে তেজপুৰ, ঢেকিয়াজুলি, বিশ্বনাথ চাৰিআলি, নগাঁও, হোজাই আৰু মৰিগাঁৱৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে। এই বৈঠকৰ পাছতে মন্ত্ৰী সিংহল আৰু নেওগেৰে গঠিত কেবিনেট সমিতিয়ে কৰ বিভাগৰ উপ আয়ুক্তসকলৰেও এক বৈঠকত মিলিত হৈ জিএছটিৰ অধীনত ব্যৱসায়ীসকললৈ প্ৰদান কৰা জাননী সন্দৰ্ভত কৰ বিষয়াসকলৰ ভূমিকা আৰু তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহৰ বুজ লয়। জিএছটিৰ অধীনত প্ৰদান কৰা জাননীৰ ফলত অসুবিধাৰ সন্মুখীন হোৱা ব্যৱসায়ীসকলক সকাহ দিব পৰাকৈ তেওঁলোকৰ সৈতে সহমৰ্মিতাৰে কাম কৰিবলৈ মন্ত্ৰীদ্বয়ে বিভাগৰ উপ আয়ুক্তসকলক আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment