অসমত দৈনিক গড়ে তিনিটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হয় : আপ


গুৱাহাটী,১ জুলাই : "বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। বিগত আঠ মাহত প্ৰায় ৬০০ নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ  এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।" - আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে। বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয় - 'এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। কিছুদিন পূৰ্বে কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতী গৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। কেইদিনমান পূৰ্বেও ৰাজ্যখনত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱা বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ'বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে নিষ্পত্তি কৰি দোষীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাওঁ।' আনহাতে ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানপানীৰ কবলত পৰিছে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এককালীন সাহায্য আৰু বিধ্বংসী বানত ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলৰ আবাসনৰ ব্যৱস্থাৰ বাবে আপৰ নেত্ৰী গৰাকীয়ে দাবী উত্থাপন কৰে। ইপিনে চৰকাৰে মহাবিদ্যালয় সমূহত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে আম আদমী পাৰ্টিয়ে। হঠাতে শিক্ষা বিভাগে অত্যাধিক মাচুলৰ বোজা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয় - 'চৰকাৰে ছাত্ৰ-ছাত্ৰী বা অভিভাৱক সকলৰ সক্ষমতাৰ কথা চিন্তা নকৰি কলা, বাণিজ্য শাখাৰ নামভৰ্তিৰ মাচুল ৪,০৬০ টকাৰ পৰা ৭,১৮০ টকালৈ বৃদ্ধি কৰিছে। বিজ্ঞান শাখাৰ মাচুলো ৪,৯৬০ টকাৰ পৰা ৭,৪৮০ টকালৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনাইছোঁ।'

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment