
হাওৰাঘাট,৭ জুলাই : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত আজি শিশু শিক্ষা সমিতি অসম, কাৰ্বি আংলং জিলাৰ ডিফু সংকুল আৰু হাওৰাঘাট সংকুলৰ দ্বাৰা আয়োজিত এখনি সম্বৰ্ধনা সভা হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। সভাত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিশু শিক্ষা সমিতিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ নিকেতন সমূহৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ লগতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক প্ৰবেশ পৰীক্ষা আৰু অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ', হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং , কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য মধুৰাম লেকথে, বিশ্ব হিন্দু পৰিষদৰ পূৰ্বাঞ্চলীয় প্ৰান্তৰ মন্ত্ৰী হাৰছিং টেৰণ, উপাধ্যক্ষ অজিত কুমাৰ দে' ৰ লগতে পৰিচালনা সমিতিৰ সদস্য- সদস্যা সকল, ডিফু, ফুলনি, খেৰণি, আকাশীগঙ্গা আৰু বোকাজান বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য সকল উপস্থিত থাকে। কাৰ্যসূচীৰ আৰম্ভণিতে পৰিচালনা সমিতিৰ তৰফৰ পৰা অভ্যাগত সকলক গামোচাৰে আদৰণি জনোৱা হয় ৷ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙক পৰিচালনা সমিতিৰ সভাপতিয়ে শৰাই, গামোচাৰে আদৰণি জনায়। ইয়াৰ পিচত মূল কাৰ্যসূচীৰ প্ৰাৰম্ভনিতে সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য বিমল ধৰে। সভাত কাৰ্যসূচীৰ আঁত ধৰে পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই ৷
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment