বৃহত্তৰ পাঞ্জাবাৰী বৰ নামঘৰৰ সিংহদ্বাৰ মুকলি কৰিলে কুসুম কুমাৰ মহন্তই



গুৱাহাটী,৭ জুলাই : 'বৃহত্তৰ অসমীয়া জাতি গঠনৰ মূল খনিকৰ তথা বিশ্ব চৌষষ্ঠি কলাৰ অধিকাৰী একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে কাম কৰিব নোৱাৰিলে বৰ্তমান ভাগ ভাগ হ'ব ধৰা অসমীয়া জাতি পুনৰ ঐক্যবদ্ধ কৰাটো সম্ভৱ নহয়।' - আজি পাঞ্জাবাৰী বতাহঘূলি বৰ নামঘৰৰ সিংহদ্বাৰ মুকলি কৰি এই মন্তব্য কৰে সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই। নামঘৰ আৰু সত্ৰৰ ঐতিহ্য বাখ্যা কৰি মহন্তই কয় যে নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ। শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। নামঘৰ আছিল শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে নগাঁৱৰ বৰদোৱা (বটদ্ৰৱা) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে। মহন্তই সকলোকে মহাপুৰুষ দুজনাৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। সিংহদ্বাৰ মুকলি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামীয়ে পাঞ্জাবাৰী বতাহঘূলি অঞ্চলৰ ৰাইজৰ দ্বাৰা মহাপুৰুষ দুজনাৰ কৃষ্টি সংস্কৃতি আৰু আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ ভুমিকাক ভূয়সী প্ৰশংসা কৰাৰ লগতে বিভিন্ন জাতি-জনজাতি, বৰ্ণ ,ধৰ্ম, ভাষা নিৰ্বিশেষে পাঞ্জাবাৰী ৰাইজে দেখুওৱা ভাতৃত্ববোধৰ উদাহৰণ সমগ্ৰ ৰাজ্যৰ ভিতৰতে বিৰল বুলি অভিহিত কৰে। সভাত আদৰণি ভাষণত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজসেৱক বিজয় বল্লভ গোস্বামীয়ে ১৯৮১ চনৰ  প্ৰতিষ্ঠা কালৰ পৰা এই বৰ নামঘৰৰ সেৱক তথা সমিতিৰ সাধাৰণ সম্পাদক দেৱেশ্বৰ কাকতি, সিংহদ্বাৰৰ দাতা কমল বৰা, সিংহদ্বাৰৰ নক্সা প্ৰস্তুত কৰা প্ৰখ্যাত শিল্পী মধুসূদন দাস, ৰাতুল দত্ত, চিত্তৰঞ্জন হাজৰিকা, পৰেশ কলিতা, তুষেশ্বৰ চেতিয়া, যতীন আৰান্ধাৰা, অতুল দত্ত, পুলিন গোস্বামী, প্ৰশান্ত দুৱৰা, ৰঞ্জিত কুমাৰ বৰুৱা, প্ৰবীণ ভট্ট, ভূপেন বৰা, পংকজ বৰদলৈ তথা অঞ্চলটোৰ  সমূহ ৰাইজৰ সহায় সহযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত আয়তীসকলৰ উৰুলি ধ্বনিৰ লগতে গায়ন-বায়ন, ডবা, কাঁহ, শংখ, ঘন্টাৰ এক আকৰ্ষণীয় মাঙ্গলিক কাৰ্যসূচী, সমূহীয়া নাম প্ৰসংগত ভক্ত প্ৰাণ ৰাইজক আপ্লুত কৰি তোলে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment