কাৰ্বি আংলং জিলা এবছুৰ উপদেষ্টা সুৰেশ বসুমতাৰীৰ বিয়োগত লাংহিনত শোকৰ ছাঁ
কাৰ্বি আংলং,৭ জুলাই : কাৰ্বি আংলং জিলাৰ লাংহিন পামগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা কাৰ্বি আংলং জিলা এবছুৰ উপদেষ্টা সুৰেশ বসুমতাৰীৰ(৪৭) শনিবাৰে নিশা ১০.৩০ বজাত কৰ্কট ৰোগত আক্ৰান্ত হৈ অকাল বিয়োগ হয়। শিক্ষক তথা এবছু নেতা সুৰেশ বসুমতাৰী পূৰ্বতে সোণাপুৰ আঞ্চলিক এবছুৰ সম্পাদক আৰু সভাপতি আছিল। তদুপৰি পৰৱৰ্তী সময়ত কাৰ্বি আংলং জিলা এবছুৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি অহাৰ লগতে বৰ্তমান কাৰ্বি আংলং জিলা এবছুৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শিক্ষা আৰু সামাজিক তথা অগ্ৰণী বড়ো সংগঠনসমূহৰ লগত জড়িত থকাৰ সময়তে কাৰ্বি আংলং জিলা বথৌ মহাসভাৰ যুৱ শাখাৰ প্ৰাক্তন সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা আৰু পুত্ৰ সন্তান এৰি গুচি যায়। শিক্ষক তথা এবছু নেতাগৰাকীৰ অকাল বিয়োগত সমগ্ৰ লাংহিন অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে। এবছুৰ নেতাগৰাকীৰ অকাল মৃত্যুৰ পিছতে তেওঁৰ বাসগৃহত কাৰ্বি আংলং জিলা অগ্ৰণী বড়ো সংগঠনৰ বিষয় ববীয়া সকলৰ লগতে কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়েও উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায়।

0 Comments:
Post a Comment