অসমত গুণগত মাছৰ পোনা-খাদ্য উৎপাদনৰ বৃহৎ প্ৰকল্প স্থাপনত কেন্দ্ৰৰ সহযোগিতা বিচাৰিলে মন্ত্ৰী কেশৱ মহন্তই



গুৱাহাটী,১২ জুলাই : অসমত পৰ্যাপ্ত ৰূপত উন্নত গুণমানৰ মাছৰ পোনা আৰু মীন-খাদ্য উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সহযোগিতা বিচাৰিছে ৰাজ্য চৰকাৰে। তামিলনাডুৰ মাদুৰাইত কেন্দ্ৰীয় চৰকাৰৰ মীন মন্ত্ৰালয়ৰ উদ্যোগত আজি আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'মীনপালন গ্ৰীষ্মকালীন সন্মিলন- ২০২৪'ত ভাগ লৈ অসমৰ মীনমন্ত্ৰী কেশৱ মহন্তই এইক্ষেত্ৰত কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ ফালৰ পৰা অসমক বিশেষ ভাৱে সহায় কৰাৰ বাবে কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক অনুৰোধ জনায়। মাদুৰাইৰ আই ডি এ স্কুডাৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় মীনমন্ত্ৰী সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ এই এদিনীয়া গ্ৰীষ্মকালীন ৰাষ্ট্ৰীয় মীন সন্মিলনত অংশগ্ৰহণকাৰী অসমৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে ৰাজ্যৰ মীনমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰৰ মীন ৰাজ্যমন্ত্ৰীদ্বয় ড০ জৰ্জ কুৰিয়ান আৰু অধ্যাপক এছ পি সিং বাঘেলৰ লগতে কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ সচিব অভিলাষ লেখি আৰু যুটীয়া সচিব সাগৰ মেহৰাও উপস্থিত থকা এই ৰাষ্ট্ৰীয় মীনপালন সন্মিলনত উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু তামিলনাডুৰ মীনমন্ত্ৰীসকলে নিজ নিজ ৰাজ্যৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মীন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গয়ো অংশগ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ মীন সন্মিলনত ৰাজ্যৰ মীনমন্ত্ৰী মহন্তই অসমক মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশিত কৰাৰ দিশত অসম চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বিষয়ে কেন্দ্ৰীয় মীন মন্ত্ৰীৰ লগতে মন্ত্ৰালয়টোৰ শীৰ্ষ মহলৰ দৃষ্টিগোচৰ কৰে। অসমৰ মীনপালন ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ দিশসমূহ আলোকপাত কৰি মন্ত্ৰী মহন্তই কয় - 'অসমে শেহতীয়াকৈ মাছ উৎপাদনৰ দিশত বিশেষ অগ্ৰগতি দেখুৱাবলৈ সক্ষম হৈছে। বিগত বৰ্ষত অসমত ৪.৭৪ লাখ টন মাছৰ উৎপাদন হোৱাৰ লগতে বছৰি প্ৰতিগৰাকী ব্যক্তিৰ খাদ্য হিচাপে মাছৰ ব্যৱহাৰৰ গড় পৰিমাণো ১৩.৭২ কিলোগ্ৰামলৈ বৃদ্ধি ঘটিছে। ২০২৬-২৭ বৰ্ষত আমি মাছৰ উৎপাদন ৭ লাখ টনলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।' মাছৰ উৎপাদন বৃদ্ধিৰে ৰাজ্যখনক স্বনিৰ্ভৰশীল কৰি তোলাত ৰাজ্য চৰকাৰে বিশেষ জোৰ দিয়াৰ সমান্তৰালকৈ উৎপাদিত মাছৰ গুণগত মানো উন্নত হোৱাটো নিশ্চিত কৰিবলৈ প্ৰয়াস চলোৱা হৈছে বুলি মন্ত্রীগৰাকীয়ে সন্মিলনত উল্লেখ কৰে। এইক্ষেত্ৰত উচ্চ গুনমানৰ মাছৰ পোনাৰ লগতে উন্নতমানৰ তথা সুলভ মৎস্য-খাদ্যও পৰ্যাপ্ত ভাৱে ৰাজ্যখনত উপলব্ধ হোৱাটো অতি জৰুৰী বুলি মীনমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মীনমন্ত্ৰী সিং, কেন্দ্ৰীয় মীন ৰাজ্যমন্ত্ৰীদ্বয় কুৰিয়ান আৰু বাঘেলাৰ লগতে কেন্দ্ৰীয় মীন সচিব অভিলাষ লেখিৰ দৃষ্টিগোচৰ কৰে। এই দিশত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসমক বিশেষ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰি মীনমন্ত্ৰী মহন্তই কেন্দ্ৰীয় মীনমন্ত্ৰীগৰাকীক অনুৰোধ জনাই কয় - 'অসমত সঠিক মাত্ৰাৰ প্ৰটিনযুক্ত গুণগত মানৰ মাছ উৎপাদন সুনিশ্চিত হোৱাৰ বাবে পৰ্যাপ্ত ভাৱে গুণগত মানৰ মাছৰ পোনা আৰু মাছৰ খাদ্যৰ উপলব্ধতা সুনিশ্চিত কৰিব পৰাকৈ অধিক সংখ্যক 'ব্ৰিডিং চেণ্টাৰ' আৰু বৃহৎ মৎস্য খাদ্য উৎপাদন প্ৰকল্প স্থাপনত অসম চৰকাৰৰ প্ৰতি বিশেষ সহযোগিতা আগবঢ়োৱাৰ বিষয়ে বিবেচনা কৰিবলৈ কেন্দ্ৰীয় মীনমন্ত্ৰালয়ক অনুৰোধ জনাইছো।' ৰাষ্ট্ৰীয় মীন সন্মিলনখনত অসমৰ প্ৰতিনিধি ৰূপে মীনমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ মীন সঞ্চালক গৌৰীশংকৰ দাস আৰু উপসঞ্চালক চন্দন চেত্ৰীয়েও ভাগ লয়।       

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment