লখিমপুৰ,১৩ জুলাই : ১৯৯৬ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰী ভাবে নিযুক্তি প্রাপ্ত শিক্ষক সকলক মানৱতাৰ দিশেৰে তদানীন্তন শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনৰ ০৭ নবেম্বৰত কেবিনেট সিদ্ধান্ত গ্রহণ কৰি ২০২১ চনৰ ৩০ জানুৱাৰীত এই সকল শিক্ষকক শিক্ষক আৰু টিউটৰ হিচাপে নিযুক্তি প্রদান কৰিছিল যদিও সেই সময়ত নিযুক্তি পত্ৰ প্ৰদান কৰোতে বৰ্তমানৰ মুখ্যমন্ত্রীগৰাকীয়ে বৃহৎ ৰাজহুৱা সভাত ঘোষণা কৰা প্ৰতিশ্ৰুতি সমূহ আজিও পালন নকৰাত এক হাহাকাৰ অৱস্থাৰ মুখামুখি হৈছে শিক্ষক আৰু টিউটৰ সকল। এই সন্দৰ্ভত আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত নতুন সংলগ্ন শিক্ষক মঞ্চৰ সম্পাদক ৰমেন শইকীয়া, সভানেত্ৰী হেমাঞ্জলি দত্ত ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষক যোগ শইকীয়া দাসে কয় - 'ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তিৰ সময়ত শিক্ষক আৰু টিউটৰ সকলক দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নকৰাত এই শিক্ষক আৰু টিউটৰ সকল হাহাকাৰ অৱস্থাৰ মুখামুখি হৈছে।' তেওঁলোকৰ অভিযোগ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেই সময়ত এদিন বা এমাহ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে বা যিদিনা এই বুনিয়াদী প্ৰশিক্ষণ উত্তীর্ণ শিক্ষক সকলে অৱসৰ গ্ৰহণ কৰিব, তেওঁলোকক সকলোকে দহ লাখ টকাকৈ গেচুইতি প্ৰদান কৰা হ'ব বুলি কথা দিছিল। লগতৰ এই সকল শিক্ষকৰ যি সকল শিক্ষকক বিশেষ কাৰণত টিউটৰ হিচাপে নিয়োগ কৰা হৈছে তেওঁলোককো অতি শীঘ্রেই এক হ্রস্বকালীন প্রশিক্ষণ দি শিক্ষকলৈ উন্নিত কৰণ কৰা হ'ব বুলি স্পষ্ট কৰিছিল। তেওঁলোকেও আন শিক্ষকৰ দৰে সম-মৰ্য্যদা পাব বুলি সভাত মন্ত্রীয়ে উল্লেখ কৰিছিল। একেদৰে জেবিটি/ডায়েট/ডি এল এড যি সকল শিক্ষক চৰকাৰী বিষয়াৰ ভুলৰ বাবে টিউটৰ হৈ আছে তেওঁলোককো শীঘ্রেই নিয়মীয়াকৰণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল। ইপিনে যিসকল শিক্ষক বর্তমান তালিকাৰ পৰা বাদ পৰি ৰৈছে, সেই সকলক মাত্র ৪৫ দিনৰ ভিতৰত পুনৰ নিযুক্তি পত্র প্রদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাত কেৱল লখিমপুৰ, শিৱসাগৰ জিলাতে ৫ শতাধিক শিক্ষক, টিউটৰে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অৱসৰ গ্ৰহণৰ লগতে একাংশই মৃত্যু বৰণ কৰিছে। সংবাদমেলত তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ উদ্ধৃতি দি তেওঁলোকে কয় - 'সেই সময়ত মন্ত্রীগৰাকীয়ে কৈছিল যে যদিও আপোনালোকক নিযুক্তি প্ৰদান কৰা হৈছে তথাপি আপোনালোকে ২০২০ চনৰ ১ নবেম্বৰৰ পৰা সমূদায় বেতন পাব। কিন্তু ২০২০ চনৰ নবেম্বৰ আৰু ডিচেম্বৰ আৰু ২০২১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই চাৰি মাহৰ সমুদায় বকেয়া বেতন আজিও পাবলৈ বাকী আছে। যোৱা চাৰি বছৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নোহোৱা শিক্ষক সকলক তৎক্ষণিক ভাৱে গুৰুত্ব সহকাৰে লৈ বিভাগীয় কর্তৃপক্ষক নিদের্শ জনাবলৈ আজিৰ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায়। শিক্ষকসকলে উদ্বেগ প্ৰকাশ কৰি কয় যে উক্ত বিষয়সমূহ সেই সময়ৰ অসম চৰকাৰৰ কেবিনেট মেম'ত ক'তো উল্লেখ নাই। চৰকাৰে প্রাদেশিকৰণ টিউটৰ সকলক যি মৰ্য্যদা প্রদান কৰিছে নিউ একমোডেট টিউটৰ শিক্ষক সকলক তৎক্ষণিকভাবে সম-মর্য্যাদা প্রদান কৰিবলৈ চৰকাৰক দাবী জনাইছে আৰু অৱসৰপ্ৰাপ্ত আৰু মৃত্যু হোৱা শিক্ষক সকলক চৰকাৰে ঘোষণা কৰা অনুসৰি দহ লাখ টকা গেচুইটি প্রদান কৰিবলৈকো দাবী জনাইছে। শিক্ষক সকলৰ দাবী যে চৰকাৰে কেবিনেট মেম' সংশোধন কৰি শিক্ষক সকলক মন্ত্রীয়ে ঘোষণা কৰা অনুসৰি ন্যায়্য প্রাপ্য শীঘ্ৰে প্ৰদান কৰক। তেওঁলোকৰ দাবী চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে কেৱল তেওঁ নিজে নিযুক্তিৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক।
আনহাতে আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আন এখন সংবাদ মেলত সদৌ অসম সংলগ্ন টিউটৰ সন্থাৰ সাধাৰণ সম্পাদক ডিজেন শৰ্মা, কাৰ্যকৰী সভাপতি দুলাল শইকীয়া, কাৰ্যকৰী সদস্য বাবুল নাথ আৰু সোমেশ্বেৰ গুৱালাই চৰকাৰৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰি কয় - 'অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দি ১০,৮০০ টকা বেতন দিয়ে যদিও তেওঁলোকে ভীষণ সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছে । চৰকাৰক এই প্ৰসংগত বাৰম্বাৰ আবেদন নিবেদন জনোৱা হৈছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।' তেওঁলোকৰ দাবী যে চৰকাৰে শীঘ্ৰে তেওঁলোকৰ বেতন ৩০ হেজাৰ টকালৈ বৃদ্ধি কৰক । উল্লেখ যে ৰাজ্যত ১৯৯৬ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তি প্ৰাপ্ত ১১৬০০ শিক্ষকৰ ভিতৰত ৰাজ্য চৰকাৰৰ কেবিনেটে ৪৫৪১ জন শিক্ষকক ৩০ জানুৱাৰী/২০২১ চনত পুনৰ নিযুক্তি দিছিল যদিও একাংশ বিষয়াৰ ভুলৰ বাবে বাকী সকল আজিও বঞ্চিত হৈ ৰ'ল ।


0 Comments:
Post a Comment