লাংহিনত লাংহিন পাব্লিক লাইব্ৰেৰীৰ উদ্যোগত কেৰিয়াৰ সন্দৰ্ভত কাৰ্যসূচী
কাৰ্বি আংলং,১৫ জুলাই : কাৰ্বি আংলং জিলাৰ লাংহিনত লাংহিন পাব্লিক লাইব্ৰেৰীৰ উদ্যোগত দেওবাৰে Career Counselingৰ এটা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। লাংহিন পাব্লিক লাইব্ৰেৰীৰ সভাপতি ঋতুৰাজ বসুমতাৰীৰ সভাপতিত্বত Career Counseling ৰ সভাখন অনুষ্ঠিত কৰা হয় । সভাৰ আঁত ধৰে সম্পাদক হানুৰাম গয়াৰীয়ে । সভা উদ্বোধন কৰে কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমি এডভাইজাৰী বৰ্ডৰ আহ্বায়ক তৰেণ বড়ো । লাংহিনৰ বৃহত্তৰ অঞ্চলটোৰ চাৰি শতাধিক ছাত্ৰ ছাত্ৰী, বিভিন্ন বড়ো সংগঠনৰ বিষয় ববীয়া সকলে উপস্থিত থকা সভাত Career Counseling ৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়াৰ লগতে বড়োৱে বিশিষ্ট লেখক থানেশ্বৰ গয়াৰীয়ে ৰচনা কৰা 'কথা শৈলী' উন্মোচন কৰে। আনহাতে এই সভাতে সাহিত্য অকাডেমি বঁটা প্ৰাপক ঝতুৰাজ বসুমতাৰীয়ে ৰচনা কৰা নাটক 'জৌহৌলাও লংলাৱদাউ আৰু গোবোন গোবোন থুনফাউথাই' উন্মোচন কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । কেইবা শতাধিক ছাত্ৰ ছাত্ৰীক Career Counseling ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে নগাঁও জিলাৰ Employment officer ড° কুনাল কান্টি বড়োৱে । সভাত ৰেডিঅ' আৰ্টিষ্ট তথা সংগীত শিল্পী জয়মতী নাৰ্জাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰী, ড° কুনাল কান্টি বড়ো, থানেশ্বৰ গয়াৰী, নিৰ্মল বসুমতাৰী আদি উপস্থিত থাকে।


0 Comments:
Post a Comment