এক লাখ নিযুক্তিৰ লক্ষ্য : ৪১গৰাকীক নিযুক্তি পত্র প্ৰদান মুখ্যমন্ত্রীৰ


গুৱাহাটী,১৫ জুলাই : এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক সেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে।  ইয়াৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২২গৰাকী প্ৰাৰ্থীক অনুকম্পামুলক নিযুক্তি, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত Non-technical course ৰ ১১গৰাকী সহকাৰী অধ্যাপক আৰু ১গৰাকী গ্ৰন্থাগাৰিককে ধৰি সৰ্বমুঠ ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত ৭গৰাকী প্ৰাৰ্থীক DIET ৰ প্ৰবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ১৫ আগষ্টত ৰাজ্য চৰকাৰে পুনৰ ১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ পদক্ষেপ লৈছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে ৫ বছৰীয়া কাৰ্যকালৰ ভিতৰত মুঠ ১.৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। নিযুক্তি প্ৰাপ্তসকলে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব পালনৰ লগতে বিশেষকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিযুক্তি লাভ কৰাসকলক শিক্ষানুষ্ঠানসমূহত 'ষ্টাৰ্ট আপ'ৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment